অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখি গুৰুজনাই প্রতিষ্ঠা কৰা সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা তথা মূল্যবোধ জীয়াই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷

বৃহস্পতিবাৰে এক গোহাৰিত মুখ্যমন্ত্রী সোণোৱালে কয় যে- কিছুদিনৰ পৰা ‘কেব’ৰ নামত অসমত প্রতিবাদৰ কার্যসূচী আৰম্ভ হৈছে ৷ কিন্তু লাহে লাহে সেই প্রতিবাদী কার্যসূচীয়ে হিংসাত্মক ৰূপ ল’বলৈ আৰম্ভ কৰিছে ৷ প্রতিবাদৰ নামত যিসমূহ ঘটনা সংঘটিত হ’ল, অসমৰ শান্তিপ্রিয় সমাজে এই ঘটা তীব্র ভাষাৰে নিন্দা কৰিছে ৷ –তেওঁ আহ্বান জনায় ৷

CM Sarbananda SonowalFeatured
Comments (0)
Add Comment