অসমীয়া ভাষাটো সহযোগী নহয় ৰাজ্যিক ভাষাহেঃমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ “অসমীয়া ভাষাটো সহযোগী নহয় ৰাজ্যিক ভাষাহে৷ ইংৰাজী মাধ্যমত অসমীয়া ভাষা বাধ্যতামূলক হ’ব লাগে৷অসমীয়া ভাষাটো চৰকাৰী ভাবে নিঃশেষ নহয়৷আমি ৰাইজেহে ভাষাটো নিঃশেষ কৰিব ওলাইছোঁ৷” এই মন্তব্য মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ৷ ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বাক্সাৰ শালবাৰীৰ ৰূপহী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা শালবাৰী জিলা বড়ো সাহিত্য সভাৰ ১৪ তম বাৰ্ষিক অধিবেশনৰ দেওবাৰে সন্ধিয়া মুকলি সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়-“বৰ্তমান অসমীয়া মাধ্যমত পঢ়া ল’ৰা-ছোৱালীৰ সংখ্যা কমি গৈছে৷ অভিভাৱকৰ অসমীয়া ভাষাটোৰ প্ৰতি সদিচ্ছা নথকাৰ বাবেই আজি ভাষাটো হেৰাই যোৱাৰ পথত অগ্ৰসৰ হৈছে৷” ২৯ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শালবাৰী জিলা বড়ো সাহিত্য সভাত আলোচনা চক্ৰ,কবি সন্মিলন,সাহিত্য,সাংস্কৃতিকে ধৰি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

Comments (0)
Add Comment