অসমৰ ছ’চিয়েল মিডিয়াত শেনচকু গৃহ মন্ত্রালয়ৰ; বিশেষ গোট গঠন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ সাৱধান ! নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আপুনি যদি ছ’চিয়েল মিডিয়াত চৰকাৰ বিৰোধী মন্তব্য কৰিছে, তেন্তে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কেন্দ্ৰই । আপোনাৰ পাছত লগাই দিব স্থানীয় চোৰাংচোৱাক৷ ফেচবুক, টুইটাৰ কর্তৃপক্ষক নির্দিষ্ট পোষ্টটো ‘ডিলিট’ৰ লগতে আপোনাৰ একাউণ্টটোও বন্ধ কৰিবলৈ কোৱা হ’ব পাৰে৷

পিছে নাভাবিব যে অসমীয়াত লিখিলে আপুনি সাৰি যাব৷ কাৰণ অসমীয়াত লিখা পোষ্টসমূহৰ বাবেই কেন্দ্রীয় গৃহ মন্ত্রালয়ে এটা বিশেষ গোট গঠন কৰিছে৷ পাঁচজনকৈ তথ্য–প্রযুক্তি আৰু ছফ্টৱেৰ বিশেষজ্ঞক লৈ গঠন কৰা এই বিশেষ গোটত অন্তর্ভুক্ত কৰা হৈছে ৰাজ্যৰ ৩৩খন জিলাক সামৰি লোৱাকৈ আন ৩৩জন অসমীয়া ভাষাত দখল থকা ছ’চিয়েল মিডিয়া বিশেষজ্ঞকো৷

গৃহ মন্ত্রালয়ৰ এটা শীর্ষ সূত্রই সংবাদ মাধ্যমৰ আগত সোমবাৰে এই কথা সদৰী কৰিছে৷ অসমৰ ছ’চিয়েল মিডিয়াত শেনচকু ৰখাৰ বাবে গৃহ মন্ত্রালয়ৰ এই বিশেষ গোটটোৱে ইতিমধ্যে প্রায় এক লাখ অসমীয়া শব্দৰ কী–ৱর্ড প্রস্তুত কৰিছে৷ আগন্তুক এমাহৰ ভিতৰত আৰু ২ লাখ অসমীয়া শব্দ সামৰি লোৱা হ’ব৷

উদাহৰণ হিচাপে শীর্ষ সূত্রটোৱে ‘জাতি’, ‘মাটি’, ‘জাতীয়’, ‘নায়ক’, ‘দেশদ্রোহী’ শব্দৰ কথা দাঙি ধৰিছে৷ কোনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এই শব্দবোৰ ব্যৱহাৰ কৰিলেই এক বিশেষ ছফ্টৱেৰৰ জৰিয়তে গোটটোৱে বিচাৰি উলিয়াব ষ্টেটাছ দিয়া অথবা টুইট কৰা ব্যক্তিজনক৷ ইয়াৰ পাছত সংশ্লিষ্ট ব্যক্তিজনৰ পৰিচয়, অৱস্থিতি, আদি বিচাৰি প্রস্তুত কৰা হ’ব এক বিশেষ ডাটাবেছ৷

পৰৱর্তী সময়ত অসমীয়া ভাষা জনা ছ’চিয়েল মিডিয়াৰ বিশেষজ্ঞ দলটোৱে সংশ্লিষ্ট ব্যক্তিজনে প্রদান কৰা মন্তব্যৰ বিশ্লেষণ কৰিব আৰু যদিহে সেই মন্তব্য চৰকাৰবিৰোধী হয়, তেনেহ’লে এটা সুনির্দিষ্ট প্রক্রিয়াৰ মাজেৰে সেই কথা বিভাগীয় বিষয়াক অৱগত কৰিব৷ ইয়াৰ পাছতেই সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে আৰম্ভ কৰা হ’ব চৰকাৰী অভিযান৷ ফেচবুক–টুইটাৰৰ পৰা পোষ্টবোৰ ‘ডিলিট’ কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিৰ একাউণ্ট বন্ধ কৰি দিয়া হ’ব৷ আৰু তাৰ পাছত সংশ্লিষ্ট ব্যক্তিজনৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ স্থানীয় চোৰাংচোৱাক নির্দেশ দিয়া হ’ব৷

মন কৰিবলগীয়া যে ‘আর্নেষ্ট এণ্ড ইয়ং’ নামৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ পৰা কেন্দ্রীয় গৃহ মন্ত্রালয়ে এইক্ষেত্রত কাৰিকৰী সহায়–সহযোগিতা লাভ কৰা বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন ক্রমশঃ তীব্রতৰ হোৱাৰ লগতে ছ’চিয়েল মিডিয়াতো চৰকাৰবিৰোধী মন্তব্য কৰাৰ হাৰ ক্রমাৎ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ ইমানদিন ‘ইউনিকোড’ পদ্ধতিৰে ছ’চিয়েল মিডিয়াত অসমীয়াত আগবঢ়োৱা পোষ্টৰ ওপৰত চৰকাৰে চকু ৰাখিছিল৷ কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অসমীয়া ভাষাৰ প্রয়োগো ব্যাপক বৃদ্ধি পাইছে৷ সেয়ে চৰকাৰে এতিয়া বিকল্প পথৰ সন্ধান উলিয়াব লগা হৈছে৷ কেন্দ্রীয় মন্ত্রালয়ৰ সূত্রটোৱে দাবী কৰা মতে, চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিছে, ইয়াৰ পাছত অন্ততঃ ছ’চিয়েল মিডিয়াত ‘কা’বিৰোধী আন্দোলন প্রশমিত কৰা যাব৷

Featured
Comments (0)
Add Comment