নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতাৰে ৰাজ্যখনত একাংশ দল–সংগঠনে গণতান্ত্রিক পদ্ধতিৰে এতিয়াও আন্দোলন অব্যাহত ৰাখিছে যদিও আন্দোলনৰ গইনা লৈ মাজতে চলা হিংসাত্মক ঘটনা ইতিমধ্যে ৰোধ হৈছে৷ ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্রেক্ষিতত সান্ধ্য আইনো সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হৈছে৷
স্বাভাৱিক পৰিস্থিতি উভতি অহাৰ বাবে ৰাজ্যখনত নিয়োজিত হৈ থকা সামৰিক বাহিনীৰ ২৯টা কোম্পানী প্রত্যাহাৰ কৰা হৈছে৷
গৃহ বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে এতিয়া সেনাৰ প্রয়োজন নাই বাবে সামৰিক বাহিনীৰ কোম্পানীকেইটা প্রত্যাহাৰ কৰা হৈছে৷ অৱশ্যে পৰিস্থিতি তদাৰকীৰ বাবে অর্ধসামৰিক বাহিনীৰ ভালেকেইটা কোম্পানী ৰাজ্যখনত মোতায়েন কৰা হ’ব৷
জম্মু–কাশ্মীৰত নিয়োজিত হৈ থকা কেন্দ্রীয় অর্ধসামৰিক বাহিনীৰ ৭২টা কোম্পানী ইতিমধ্যে গৃহ মন্ত্রালয়ে প্রত্যাহাৰ কৰিছে৷ তাৰেই কিছু কোম্পানী অসমত নিয়োজিত কৰিব পৰিস্থিতি পর্যবেক্ষণৰ বাবে৷
মন কৰিবলগীয়া এয়ে যে ‘কা’বিৰোধী প্রতিবাদৰ ফলত বহুকেইখন ৰাজ্যৰ পৰিস্থিতি অশান্ত হৈ থকাত সেইবোৰ ৰাজ্যত মোতায়েনৰ স্বার্থতে উক্ত কোম্পানীসমূহ জম্মু–কাশ্মীৰৰ পৰা প্রত্যাহাৰ কৰে৷ জম্মু–কাশ্মীৰত সংবিধানৰ ৩৭০ দফা প্রত্যাহাৰৰ ফলত উদ্ভৱ হ’ব পৰা আইন–শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰাৰ বাবে যোৱা ৫ আগষ্টৰ পূর্বে উক্ত কোম্পানীসমূহ ৰাজ্যখনত নিয়োজিত কৰা হৈছিল৷
এতিয়া জম্মু–কাশ্মীৰৰ পৰিস্থিতি শান্ত হোৱাত গৃহ মন্ত্রালয়ে কোম্পানীসমূহ প্রত্যাহাৰ কৰে৷ উক্ত ৭২টা কোম্পানীৰ ভিতৰত ২৪টা চি আৰ পি এফ, ১২টা বি এছ এফ, ১২টা চি আই এছ এফ, ১২টা আই টি চি পি আৰু ১২টা এছ এছ বিৰ কোম্পানী৷