অসম আৰক্ষীত ব্যাপক সালসলনি, কেইবাখনো জিলাত নতুন এছ পি

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া আইন–শৃংখলা পৰিস্থিতিৰ মাজতে অসম আৰক্ষীত পুনৰ ব্যাপক সালসলনি ঘটোৱা হৈছে ৷ এই সালসলনি ক্রমে কেইবাখনো জিলাত নিয়োজিত কৰা হৈছে নতুন আৰক্ষী অধীক্ষক ৷

নির্দেশ অনুসৰি পাণ্ডুস্থিত ৰে’লৱে আৰক্ষীৰ অধীক্ষক শ্রী ৰাজবীৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷

লখিমপুৰৰ আৰক্ষী অধীক্ষক হৰেকৃষ্ণ নাথক দিয়া হৈছে মাকুমস্থিত দ্বিতীয় এ পি বি এনৰ অধিনায়কৰ দায়িত্ব ৷

বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালক ৰে’লৱে আৰক্ষীৰ অধীক্ষক পদলৈ বদলি কৰা হৈছে ৷

দ্বিতীয় এ পি বি এনৰ অধিনায়ক সিংহৰাম মিলি হ’ব বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ৷ অসম আৰক্ষীৰ বিশেষ শাখা (নিৰাপত্তা) আৰক্ষী অধীক্ষক অপর্ণা এনক মাজুলীৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে ৷

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱমহন্তক একে পদমর্যাদাৰে বদলি কৰা হৈছে শোণিতপুৰলৈ ৷ শোণিতপুৰৰ বর্তমানৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক বদলি কৰা হৈছে কৰিমগঞ্জলৈ ৷

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ক কাছাৰৰ দায়িত্ব দিয়া হৈছে ৷

মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয়ক দিয়া হৈছে বঢ়মপুৰস্থিত নৱম এ পি বি এনৰ অধিনায়কৰ দায়িত্ব ৷ নৱম এ পি বি এনৰ অধিনায়ক ৰাজমোহন ৰয় এতিয়াৰে পৰা থাকিব মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ অধীনস্থ আৰক্ষী উপ–আয়ুক্ত (অভিযান)ৰ দায়িত্বত ৷

Featuredঅসম আৰক্ষী
Comments (0)
Add Comment