অসম গণ পৰিষদ দলটোহে প্ৰাসংগিকঃ সত্যব্ৰত কলিতা

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি থকাৰ সময়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এসময়ৰ আছুৰ উপদেষ্টা তথা বৰ্তমানৰ অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতাৰ। আছুৰ বেনাৰত গঠন হ’বলগীয়া দলটোৱে অসম গণ পৰিষদক ক্ষতি কৰিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় অসমৰ ৰাইজৰ ওচৰত এতিয়া অসম গণ পৰিষদ দলটো হে অধিক প্ৰাসংগিক। কমলপুৰ সমষ্টিৰ এগৰাকী মুঁক্তি যুজাৰু তথা প্ৰাক্তন বিধায়ক মথুৰা ডেকাৰ সোঁৱৰণি পথ উদ্ধোধন কৰি বি টি এডি ৰ নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে মিত্ৰতাৰ ধৰ্মৰে আগবাঢ়িব পৰিষদীয় নিৰ্বাচনত।

Comments (0)
Add Comment