অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ

নিয়মীয়া বার্তা, ১৯ মাৰ্চঃ ক’ভিড–১৯ ক’ৰোনা ভাইৰাছে এইবাৰ সন্ত্রাস সৃষ্টি কৰিছে ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৷ চিকিৎসা মহাবিদ্যালয়খনৰ এজন জ্যেষ্ঠ চিকিৎসক ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহৰ বাতৰি বিভিন্ন মাধ্যমযোগে বিয়পি পৰাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়খনৰ ৰোগী, চিকিৎসক আৰু চিকিৎসাকর্মীসকলৰ মাজত হুৱাদুৱা সৃষ্টি হৈছে ৷ এ এম চিৰ শিশুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হেমন্ত দত্তক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সন্দেহত আছুতীয়াকৈ ৰাখি চিকিৎসা কৰা হৈছে ৷ জানিব পৰা মতে ডাঃ দত্তই শেহতীয়াকৈ কর্তৃপক্ষক অৱগত নকৰাকৈ ডুবাই ভ্রমণ কৰি উভতি আহিছিল ৷ যোৱা ৯ মার্চত ডুবাইৰ পৰা উভতি অহাৰ পৰৱর্তী সময়ত বিগত তিনি দিনত ডিঙিৰ সুৰসুৰনি, ডিঙিৰ বিষ আৰু পানীলগাত আক্রান্ত হোৱাত তেওঁ চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছিল ৷ অসুখৰ বাবে ডাঃ দত্তই এজন মেডিচিন বিশেষজ্ঞৰ কাষ চপাতহে সমগ্র বিষয়টো পোহৰলৈ আহে আৰু তেওঁ ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সন্দেহ ওপজে ৷ ইতিমধ্যে এ এম চি কর্তৃপক্ষই ডাঃ দত্তক নিজ গৃহৰ পৰা বাহিৰ ওলোৱাত বাধা নিষেধ আৰোপ কৰাৰ লগতে তেওঁৰ তেজৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে লাহোৱালস্থিত আই চি এম আৰলৈ প্রেৰণ কৰিছে ৷

জানিব পৰা অনুসৰি ডুবাইৰ পৰা ওভতাৰ পাছতো ডাঃ দত্তই স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল ৷ চিকিৎসা মহাবিদ্যালয়খনৰ সূত্রই জনোৱা অনুসৰি ডাঃ হেমন্ত দত্তই ডিব্রুগডৰ বাহিৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যোৱা বুলি এ এম চি কর্তৃপক্ষক অৱগত কৰি যোৱা ৩ মার্চত ৪ দিনৰ কেজুৱেল আৰু ২ দিনৰ ষ্টেচন লীভ লৈ ৰাওনা হৈছিল ইউক্রেইনত থকা তেওঁৰ কন্যাৰ ওচৰলৈ ৷ ডাঃ হেমন্ত দত্ত যোৱা ৯ মার্চত ডুবাইৰ পৰা ডিব্রুগডত উপস্থিত হৈছিল ৷ ইয়াৰ পাছত তেওঁ কর্তব্যত যোগদান কৰি এ এম চিৰ শিশুৰোগ বিভাগত নিয়মীয়াকৈ সেৱা আগবঢ়াইছিল যদিও বিগত তিনি দিন ধৰি ডাঃ দত্ত ডিঙিৰ সুৰসুৰনি, ডিঙিৰ বিষ আৰু পানীলগাত আক্রান্ত হয় ৷ জ্যেষ্ঠ চিকিৎসকজনৰ এনে কাণ্ডই সর্বত্র তীব্র প্রতিক্রিয়া সৃষ্টি কৰাৰ লগতে বিগত কেইদিনত তেওঁৰ সংস্পশলৈ অহা ব্যক্তিসকলক শংকিত কৰি তুলিছে ৷ ইপিনে ক’ৰোনা ভাইৰাছত আক্রান্তৰ উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত এক অত্যাধুনিক ৱার্ড সাজু কৰি তোলা হৈছে ৷ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত ৰোগীৰ বেলেগ বেলেগ ষ্টেজৰ বাবে সুকীয়াকৈ কোঠা সাজু কৰি তোলাৰ লগতে আই চি ইউ স্থাপন কৰা হৈছে ৷ ইয়াৰ উপৰি ক’ৰোনা ভাইৰাছত আক্রান্ত লোকক উচিত চিকিৎসা সেৱা প্রদান কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ত মেডিচিন বিশেষজ্ঞ, এনাস্থেচিয়া বিশেষজ্ঞ, মনোৰোগ বিশেষজ্ঞ আৰু নার্ছক লৈ এক বিশেষ টাস্ক ফ’চ গঠন কৰা হৈছে ৷ এই টাস্ক ফ’র্চে ২৪ ঘণ্টাই সেৱা আগবঢ়াব বুলি আজি জানিবলৈ দিছে এ এম চিৰ অধীক্ষক ডাঃ ইন্দ্র চুতীয়াই৷ অধীক্ষকগৰাকীয়ে এ এম চিত শীঘ্রে জ্বৰ, চর্দি, কাহ আদি হৈ থকা ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ এক বহিঃবিভাগ স্থাপন কৰা হ’ব বুলিও জানিবলৈ দিছে ৷

Featured
Comments (0)
Add Comment