অসম চৰকাৰৰ কৰ্মচাৰীয়ে পাব সম্পূৰ্ণ দৰমহাঃ হিমন্ত বিশ্ব শৰ্মা 

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে মাহৰ সম্পূৰ্ণ দৰমহা লাভ কৰিব আৰু দৰমহাৰ এক অংশও কাটি ৰখা নহয় বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য়, শিক্ষা আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, ‘অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মাহিলী দৰমহাৰ এক অংশও কৰ্তন কৰা নহয় । কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে এদিনৰ দৰমহা কৰ্তন কৰি এখন নতুন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব । যদি কোনো কৰ্মচাৰীয়ে এইক্ষেত্ৰত সহযোগিতা নকৰে তাতো ক’ব লগা নাই ।’

‘মই চৰকাৰী চাকৰিয়াল সকলক এইটোৱে অনুৰোধ কৰিম যে দৰমহাৰ টকাৰে অতি কমেও পাঁচটা দৰিদ্ৰ পৰিয়ালয়ক এই সময়ত সহায় কৰক । যিয়ে যেনেকৈ পাৰে নিজৰ ঘৰৰ কাষৰ সকললৈ আগবঢ়াওক সহায়ৰ হাত । আগন্তুক বিহুৰ এইয়াই হ’ব ডাঙৰ উপহাৰ অথবা বিহুৱান ।’ – এইদৰেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়াল সকললৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনায় ।

Featured
Comments (0)
Add Comment