অসম সাহিত্য সভা

১৩ ডিচেম্বৰত স্থাপন হ'ব শুৱালকুছি অধিৱেশনৰ লাইখুঁটা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ লাইখুঁটা স্থাপন কার্যসূচী অনিবার্য কাৰণবশতঃ ১১ ডিচেম্বৰৰ সলনি ১৩ ডিচেম্বৰত একে সময়তে শুৱালকুছি জ্যোতি ক্ষেত্রত অনুষ্ঠিত হ’ব৷ আদৰণী সমিতিৰ সম্পাদকে এই কথা জানিবলৈ দিছে৷ উল্লেখ্য যে অহা ৩১ জানুৱাৰী, ১,২,৩ আৰু ৪ ফেব্রুৱাৰীত বর্ণিল কার্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হ’ব৷ উদ্যাপন সমিতিয়ে অধিৱেশন সাফল্যমণ্ডিত কৰিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷

Comments (0)
Add Comment