অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বাৰেপাচি ভুল; মুখ্যমন্ত্ৰীৰ নামো ভুলকৈ প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ শুৱালকুছিত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ অধিৱেশনক জনতাৰ অভূতপূৰ্ব সঁহাৰিয়ে প্ৰদান কৰিছে এক অনন্য মাত্ৰা ।

সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনখন ৰাজকীয় ধৰণে প্ৰস্তুতি সম্পন্ন কৰা হৈছিল যদিও অধিৱেশনৰ স্মৃতিগ্ৰন্থত ৰৈ যোৱা বহুকেইটা বানানৰ ভুলে এতিয়া পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । শুৱালকুছি অধিৱেশনৰ সৈতে সংগতি ৰাখি ‘শুৱালকুছি জ্যোতি’ নামেৰে সভাই যিখন স্মৃতিগ্ৰন্থ উলিয়াইছিল সেই স্মৃতিগ্ৰন্থত মূল লেখাসমূহৰ বাদেও মুখ্যমন্ত্ৰী, সভাৰ সভাপতিৰ লগতে আদৰণি সমিতিৰ বিষয়ববীয়াৰ নামসমূহত অসংখ্য ভুলৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে ।

অসংখ্য ভুল

উল্লেখ্য যে অধিৱেশনৰ মূল স্মৃতিগ্ৰন্থৰ ফটো শিতানত মুখ্যমন্ত্ৰী, সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশী, বিধায়ক সত্যব্ৰত কলিতা আদিৰ নামত বানানৰ বিভ্ৰান্তি দেখা গৈছে । যাৰ পাছতে এতিয়া বিদ্বান মহলৰ লগতে ছ’চিয়েল মিডিয়াটো বিভিন্নজনে অসম সাহিত্য সভাক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

শতবৰ্ষ গৰকা এই জাতীয় অনুষ্ঠানটোৰ মূল স্মৃতিগ্ৰন্থত হোৱা এনে বানানৰ বিসংগতিয়ে এতিয়া সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।

Featuredঅসম সাহিত্য সভা
Comments (0)
Add Comment