অৱসৰৰ পিছদিনাই ৰঙিয়াত ৩১জন শিক্ষকক পেন্সন প্রদান

নিয়মীয়া বার্তা, ২ ফেব্রুৱাৰীঃ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তর্গত বিভিন্ন বিদ্যালয়ৰ পৰা শুকুৰবাৰে অৱসৰ গ্রহণ কৰা ৩১গৰাকী শিক্ষকক শনিবাৰে পেন্সন প্রদান কৰাৰ লগতে সম্বর্ধনা জনোৱা হয় ৷ তিনিআলিস্থিত বিদ্যালয়সমূহৰ উপ–পৰিদর্শকৰ কার্যালয়ত প্রথমবাৰৰ বাবে অৱসৰ গ্রহণ কৰাৰ পিছদিনাখনেই ৩১গৰাকী শিক্ষকক এনেদৰে অতি ক্ষিপ্রতাৰে পেন্সনৰ যাৱতীয় নথি–পত্র প্রদান কৰা হয় ৷ এই উপলক্ষে জিলা প্রাথমিক শিক্ষা বিষয়া অপূর্ব ঠাকুৰীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰা জলসিঞ্চন আৰু শিক্ষা বিভাগৰ স্বতন্ত্র মন্ত্রী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই সদ্য অৱসৰপ্রাপ্ত শিক্ষকসকলৰ সেৱাৰ শলাগ লয় ৷ তেওঁ কয় যে সুস্থ সমাজ এখন গঢ়ি তোলাত শিক্ষকৰ ভূমিকা অপৰিসীম ৷ শিক্ষাৰ ব্রত হৈছে মহান ব্রত ৷ মানৱ সম্পদ গঢ়া পৱিত্র বৃত্তিত জডিত শিক্ষকসকল সমাজৰ মেৰুদণ্ড স্বৰূপ বুলি মন্ত্রী কলিতাই ভাষণ প্রসংগত উল্লেখ কৰে ৷

অৱসৰপ্রাপ্ত শিক্ষকসকলক নিজৰ অভিজ্ঞতাৰে পূর্বে কর্মৰত অথবা নিজৰ অঞ্চলৰ বিদ্যালয়সমূহ আগবঢ়াই নিয়াৰ বাবে সহযোগিতাৰ আহ্বান জনায় ৷ প্রয়োজন সাপেক্ষে পাঠদান কৰিবলৈও মন্ত্রীগৰাকীয়ে অনুৰোধ কৰে ৷ আনহাতে অৱসৰ গ্রহণ কৰাৰ পিছদিনাই ৩১গৰাকীকৈ শিক্ষকক একেদিনাই অতি ততাতৈয়াকৈ পেন্সনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে জিলা প্রাথমিক শিক্ষা বিষয়া অপূর্ব ঠাকুৰীয়া আৰু খণ্ড প্রাথমিক শিক্ষা বিষয়া প্রবীণ চন্দ্র ৰাভাক ভূয়সী প্রশংসা কৰে ৷ ইফালে শিক্ষাৰ ক্ষেত্রত বর্তমানেও যথেষ্ট কৰণীয় আছে বুলি তেওঁ উল্লেখ কৰে ৷

তেওঁ কয় যে পূর্বতকৈ শিক্ষকসকলৰ আত্মবিশ্বাস আৰু কর্মস্পৃহা বৃদ্ধি হৈছে ৷ এয়া চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ বাবে শুভ লক্ষণ ৷ পৰৱর্তী সময়ত শৈক্ষিক ক্ষেত্রত আৰু অধিক সংস্কাৰ সাধন কৰি এখন সুন্দৰ সমাজ গঢ়ি তোলাত শিক্ষকসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্ত্রী কলিতাই আশা প্রকাশ কৰে ৷ সভাত উপস্থিত থকা মহকুমাধিপতি মুনীন্দ্র বৰদলৈয়ে শিক্ষকসকলৰ দায়বদ্ধতা আৰু কর্মৰ শলাগ লয় ৷ অৱসৰপ্রাপ্ত শিক্ষকসকলক পৰৱর্তী সময়তো শৈক্ষিক ক্ষেত্রত তেওঁলোকৰ সাধ্যানুযায়ী সেৱা আগবঢ়াই যাবলৈ তেওঁ আহ্বান জনায় ৷

জিলা প্রাথমিক শিক্ষা বিষয়াই কামৰূপৰ প্রায় ৫০০খন বিদ্যালয়ে হাতেলিখা আলোচনী উলিয়াই অকল্পনীয় কাম এটা সাধন কৰা বুলি ভাষণ প্রসংগত কয়৷ তেওঁ কয় যে যোৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত উক্ত হাতেলিখা আলোচনীৰ বিপণীয়ে প্রথম স্থান অধিকাৰ কৰি জিলাখনৰ শিক্ষকসকলে এক নতুন দিগন্তৰ সূচনা কৰিছে৷ শুৱালকুছি সাহিত্য সভাতো উক্ত আলোচনী প্রদর্শন কৰি প্রশংসা লাভ কৰিবলৈ সক্ষম হোৱা বুলি দোহাৰে৷ সভাত অৱসৰপ্রাপ্ত শিক্ষকসকলক বিশিষ্ট অতিথিসকলে সম্বর্ধনা জনায় ৷

Comments (0)
Add Comment