আইডলৰ কেলেংকাৰিক লৈ সৰৱ স্নাতকোত্তৰ ছাত্র সন্থা

তদন্তৰ আওতালৈ প্রাক্তন উপাচার্য–সঞ্চালকক অনাৰ দাবী

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত দুর্নীতি–নিয়মৰ অভিযোগক লৈ উত্তাল হৈ আছে বিশ্ববিদ্যালয়ৰ পৰিৱেশ৷ এই বিষয় লৈয়ে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই মঙলবাৰে বিয়লি আয়োজন কৰে এখন সংবাদ মেল ৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি অনুৰাগ কল্যাণ বৰগোহাঁই, সাধাৰণ সম্পাদক মুন তালুকদাৰে সংবাদ মেলত অভিযোগ কৰা মতে মাত্র আঠটা বিভাগ চলোৱাৰ অনুমোদন লৈ আইডল কর্তৃপক্ষই পৰৱর্তী সময়তে একৈশটাকৈ পাঠ্যক্রম অবৈধভাৱে আৰম্ভ কৰে ৷ যাৰ বাবে এই বিভাগসমূহত অধ্যয়ন কৰা প্রায় ৭৪,০০০ শিক্ষার্থীৰ জীৱনলৈ সম্প্রতি অনিশ্চয়তা নামি আহিছে ৷ ইতিমধ্যে আইডলৰ পৰা উত্তীর্ণ হৈ ওলাই যোৱা বহু ছাত্র–ছাত্রীয়ে স্নাতকোত্তৰ ছাত্র সন্থাৰ সৈতে যোগাযোগ কৰি থকা বুলি উল্লেখ কৰি সভাপতি–সম্পাদকে কয় যে এইসকল শিক্ষার্থীক বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই সর্বতোপ্রকাৰে সহায় কৰিব ৷ ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলা কার্য স্নাতকোত্তৰ ছাত্র সন্থাই কোনো কাৰণতে সহ্য নকৰে ৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ নেতাদ্বয়ে কয় যে আইডলৰ বিৰুদ্ধে উঠা দুর্নীতি–নিয়মৰ অভিযোগৰ তদন্ত কৰাৰ বাবে এগৰাকী অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সাতজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে ৷ সমিতিখনে নিৰপেক্ষভাৱে তদন্ত প্রক্রিয়া আগবঢ়াব বুলি আশা প্রকাশ কৰি স্নাতকোত্তৰ ছাত্র সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মৃদুল হাজৰিকা আৰু আইডলৰ প্রাক্তন সঞ্চালক কন্দর্প দাসক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ৷ তদুপৰি তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত কন্দর্প দাসক পদোন্নতি নিদিবলৈও স্নাতকোত্তৰ ছাত্র সন্থাই দাবী জনায় ৷ আনহাতে, বিশ্ববিদ্যালয় ৱেবছাইট হেক হোৱা সন্দর্ভত মতামত ব্যক্ত কৰি তেওঁলোকে কয় যে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্রতিজন ছাত্র–ছাত্রীৰে নিজাকৈ একোটা প্র’ফাইল থাকে ৷ উক্ত প্র’ফাইলত ছাত্র–ছাত্রীসকলৰ বিভিন্ন তথ্য থকাৰ লগতে অনলাইন ধনৰ লেনদেনো কৰা হয় ৷ যাৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ সুৰক্ষা এশ শতাংশই নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্র সন্থাৰ স্থিতি কি বুলি সোধা প্রশ্নৰ উত্তৰত তেওঁলোকে কয় যে স্নাতকোত্তৰ ছাত্র সন্থাকে ধৰি বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে কেবৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব ৷ ইতিমধ্যে বিধেয়কৰ বিৰুদ্ধে স্নাতকোত্তৰ ছাত্র সন্থাই এক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে আৰু ইয়াৰ প্রতিলিপি ভাৰতৰ প্রধানমন্ত্রীলৈ প্রেৰণ কৰা হ’ব ৷ ঐতিহাসিক অসম চুক্তি উলংঘাকাৰী বিধেয়কখন বাতিল নকৰা পর্যন্ত স্নাতকোত্তৰ ছাত্র সন্থাই বিভিন্ন ধৰণৰ প্রতিবাদী কার্যসূচী চলাই যাব বুলি সংবাদ মেলত সদৰী কৰে ৷

Featured