আই অসমীৰ আহ্বানত একত্ৰিত প্ৰবাসী অসমীয়া

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ আই অসমীৰ আকুল আহ্বানত জাগি উঠিছে প্ৰবাসী অসমীয়াসকল । সাত সাগৰ তেৰ নদীৰ সিপাৰেও নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিদেশত থকা অসমীয়াৰ কণ্ঠ । দেশৰ ভিন্ন স্থানত শনিবাৰে কাৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে । নতুন দিল্লীৰ যন্তৰ-মন্তৰ আৰু অসম ভৱনত প্ৰবাসী অসমীয়া আৰু ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে এই আইন মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । মুম্বাই, বেংগালুৰু, কলকাতা আৰু ভুবনেশ্বৰতো অসমীয়া ৰাইজ ওলাই আহে কাৰ বিৰোধিতাৰে । ভাৰতৰ ভিন্ন স্থানৰ লগতে ইংলেণ্ড, আমেৰিকা আৰু কুৱেইটতো ‘জাতিধ্বংসী’ এই আইনৰ তীব্র প্রতিবাদ সাব্যস্ত কৰে প্রবাসী অসমীয়া সমাজে ৷

Featured
Comments (0)
Add Comment