আই আই আৰ এফৰ বিশ্ববিদ্যালয় ৰেংকিং ২০২৩: শীর্ষ ২০ত অসমৰ দুই বিশ্ববিদ্যালয়

  • চতুর্দশ স্থানত তেজপুৰ বিশ্ববিদ্যালয়, ১৯সংখ্যক স্থানত অসম বিশ্ববিদ্যালয়
  • দেশৰ শীর্ষত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৮ মে’: দেশৰ শৈক্ষিক খণ্ডত উজলি উঠিছে অসমৰ দুখনকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৬খন বিশ্ববিদ্যালয়৷ ইণ্ডিয়ান ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱর্ক চমুকৈ আইআইআৰএফৰ বিশ্ববিদ্যালয় ৰেংকিং ২০২৩ত শীর্ষ ২০খন উন্নত বিশ্ববিদ্যালয়ৰ ভিতৰত অসমৰ দুখন বিশ্ববিদ্যালয়ে স্থান পাইছে৷ শীর্ষ ২০ৰ ভিতৰত চতুর্দশ স্থান লাভ কৰিছে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে৷ ১৯সংখ্যক স্থান লাভ কৰিছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে৷ অসমৰ এই দুই বিশ্ববিদ্যালয়ৰ লগতে শীর্ষ ২০ৰ ভিতৰত ত্রয়োদশ স্থান লাভ কৰিছে মিজোৰাম বিশ্ববিদ্যালয়ে৷ শ্বিলংস্থিত নর্থ ইষ্টার্ন হিল ইউনিভার্ছিটীয়ে পঞ্চদশ, ইটানগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে ষষ্ঠদশ আৰু গেংটকস্থিত ছিকিম বিশ্ববিদ্যালয়ে অষ্টাদশ স্থান লাভ কৰিছে৷ তালিকাৰ শীর্ষত নতুন দিল্লীৰ জৱাহৰলাল বিশ্ববিদ্যালয়৷ দ্বিতীয় স্থানত উত্তৰ প্রদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়, তৃতীয় স্থানত উত্তৰ প্রদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়, চতুর্থ স্থানত নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু পঞ্চম স্থানত তেলেংগানাৰ হায়দৰাবাদ বিশ্ববিদ্যালয়৷