আকৌ সক্ৰিয় আলফাঃ পতাকা-পিষ্টলসহ তিনিজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন । শনিবাৰে ডাঙৰী সেনা শিবিৰ , সাপেখাতী সেনা শিবিৰ আৰু নামৰূপ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় তিনিজনকৈ যুৱক । বিশেষ সূত্ৰৰ এক তথ্যৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ এই দলটোৱে নামৰূপত অভিযান চলায় । এই অভিযানতে আলফা স্বাধীনৰ হৈ কাম কৰি অহা ৰণ্টু সোণোৱাল ওৰফে ৰণ অসম ওৰফে মাইনা নামৰ এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে দলটোৱে । খোৱাং ৰৌমাৰীৰ নিবাসী ৰণে নামৰূপৰ এটা ভাড়াঘৰত থাকিয়েই অব্যাহত ৰাখিছিল আলফা স্বাধীনৰ কাৰ্যকলাপ । ভিন্ন সময়ত দেখা পোৱা আলফাৰ পতাকাসমূহ তৈয়াৰৰ লগতে বহু যুৱকক আলফাৰে জড়িত কৰাইছিল ৰণ অসমে । এই অভিযান কালতে সেনা-আৰক্ষীৰ দলটোৱে আলফাত যোগদানৰ বাবে অহা কুঁৱৰীজান নাহৰকটীয়াৰ ১৯ বছৰীয়া যুৱক বিদ্যুত চিৰিং আৰু বিহগুৰি কাৰ্বিআংলঙৰ ২৭ বছৰীয়া যুৱক জিষ্ণু বৰাক গ্ৰেপ্তাৰ কৰা হৈছে ।

অভিযানকাৰী দলটোৱে এটা বন্দুকৰ লগতে দুখনকৈ আলফা পতাকা আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, পাঁচ-ছয়জনীয়া এটা দলে নামৰূপ আৰু চৰাইদেউৰ ভিন্ন স্থানত লগ হৈ তিনিচুকীয়া পাৰ হৈ ম্যানমাৰ অভিমুখে যোৱাৰ কথা আছিল । শেহতীয়াভাৱে আলফাৰ প্ৰতিবাদ দিৱসত অসমৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শিত হোৱা আলফাৰ সেইসমূহ পতাকাৰ লগত জড়িত আছে ৰণ্টু সোণোৱাল ওৰফে ৰণ অসম । প্ৰেপ্তাৰ কৰা আটাইকেইজন সদস্যকে নামৰূপ আৰক্ষীৰ হাতত গতাই দিয়াৰ লগতে তদন্ত অব্যাহত আছে ।

স্মৰ্তব্য যে, যোৱা বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা আৰক্ষী আলফাত যোগদানৰ বাবে প্ৰস্তুতি অব্যাহত ৰখা ৬ জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে । তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যত যে পুনৰবাৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন সেইটো নিশ্চিত ।

Featured
Comments (0)
Add Comment