আজিৰ দিনটোৰ ৰাশিফল

মেষ: ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ: আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন: কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সৰু সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট: পূর্বদিনৰ তুলনাত আজি বহুলাংশে যোগাযোগাদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণত শুভ৷ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ: কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰো বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, সংখ্যা ৮৷
কন্যা: কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা: কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল৷ দাম্পত্যত ভালেই৷ কর্মাদিত উৎসাহ৷ ভ্রমণাদিত অমনোযোগী ন’ব৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূর্বষাড়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু: উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ: ভঙা পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনোৰ প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ: ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে৷ লোহা লক্কৰ ইস্পাত, কাঠ, কয়লা ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ সৰু সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷