আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ

মেষঃ আর্থিক উন্নতিৰ আশা৷ কিছুমান অস্থিৰতা থাকিলেও নিয়ন্ত্রণক্ষম৷ কর্মস্থানত মোটামুটি ভালেই দেখা যায়৷ যোগ্যতাৰ আলাপ–আলোচনাত ভাগ ল’ব পাৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত যত্নৰ সফলতা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷
বৃষঃ ক্রমে দিনটো কিছু অনিশ্চিত যেন লাগিব৷ ঘৰুৱা কথাত আপুনি অৱশ্যে বিশেষ জটিলতা নাপাব৷ কর্মস্থানত নতুন কোনো সুযোগ বা কর্মই বেয়া নলগাব৷ শৰীৰো বেয়া নাযাব৷ শুভ ৰং ক্রীম শুভ সংখ্যা ৪৷
মিথুনঃ সাধাৰণ আহুকালৰ মাজেদি দিনটো পাৰ হ’ব৷ দুই এটা কথাত অৱশ্যে অনুকূল আশাকে কৰিব পাৰে৷ বিদ্যাত তেনে বাধা নাই যদিও চেষ্টাৰ ত্রুটি নকৰিব৷ শৰীৰ ভালে ৰাখক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
কর্কটঃ কিছু উন্নত৷ জ্ঞাতি–কুটুম্বৰ বা প্রিয় লোকৰ বাবে চিন্তা থাকিব৷ আর্থিকত বেয়া দেখা নাযায় যদিও ব্যয় ৰোধ কৰাটো টান হ’ব৷ যোগ্যৰ সন্মান৷ ভ্রমণ, দাম্পত্যত বেছি চিন্তা নাই৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৩৷
সিংহঃ সাৱধানে দিনটো পাৰ কৰক৷ ফুৰা–চকাতো সাৱধান হওক৷ ব্যয় বৃদ্ধি পাব৷ অৱশ্যে কোনোৱে সংগ সুখ লাভ কৰিব৷ পুৰণি স্মৃতিয়ে মনত ঠাই ল’ব পাৰে৷ কর্তব্যত অলপ দুশ্চিন্তা৷ শুভ ৰং ৰঙা, শুভ সংন্ক্যা ৮৷
কন্যাঃ বিশেষ জটিলতা নাই৷ পূর্বৰ কেইদিনৰ তুলনাত কর্মাদিত সুখ৷ আপোনাৰ দূৰদর্শিতা তথা নিষ্ঠাই আনৰ আদৰ পাব৷ দাম্পত্যত শুভ৷ বিয়া–বাৰুৰ কথা পতাসকল প্রস্তুত হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷
তুলাঃ ফৰকাল যেন অনুভৱ৷ শৰীৰৰ আমনিও কম পাব৷ আর্থিকত হাতলৈ ধন অহাৰ পথ দেখিব পাৰে৷ ভৱিষ্যৎ বর্ষটোৰ বাবে আশাবাদী হ’ব পাৰে৷ বিদ্যাত কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ২৷
বৃশ্চিকঃ দূৰ যাত্রাদিত বাধা৷ পুৰণা বছৰৰ স্মৃতিয়ে মনটোত মৃদু প্রভাৱ পেলাব৷ পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ সংগ লাভ হ’লেও সাৱধান হওক৷ খৰচপাতি আৰু শৰীৰৰ চিন্তা ৰাখক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷
ধনুঃ যোগাযোগ তথা সংগলাভত সুখ পাব৷ কিন্তু বেছি স্পর্শকাতৰ হ’লে আহুকালত পৰিব৷ আর্থিক ব্যয়ৰ মাজতে৷ ভৱিষ্যৎ বর্ষৰ আৰু আয়কৰী দিশৰ বাবে কোনোৱে চেষ্টা চলাব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মকৰঃ অনুকূল পৰিৱেশ বন্ধু–বান্ধৱৰ লগত সুসংগ লভিলেও মাত্রাধিকলৈ নাযাব৷ ভৱিষ্যৎ বর্ষৰ বাবে শুভেচ্ছা দিওঁতাৰ বাবে কৃতজ্ঞ থাকিব৷ সন্তানৰ মধ্যম৷ পঢ়াত যত্ন ৰাখক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷
কুম্ভঃ আর্থিক উন্নতিৰ বাবে চেষ্টাত কিছু আশা৷ অৱশ্যে নিশ্চিত নহ’ব৷ যোগাযোগত খেলিমেলি৷ ব্যক্তিগত কামত কিছু সুযোগ৷ শৰীৰ মধ্যম৷ ভ্রমণৰ কাৰক৷ সন্তানৰ মধ্যম৷ দাম্পত্যত সুখ৷ বিদ্যাত মধ্যম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
মীনঃ শৰীৰ দুর্বলতা৷ খৰচ বৃদ্ধি৷ কর্তব্যত অলপ অন্যমনস্ক৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণৰ চেষ্টা নকৰাই ভাল৷ মাতৃ চিন্তা৷ বিয়া–বাৰুৰ কথা পাতিলে কিছু আশা৷ প্রেমত আৱেগিক উৎসাহ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

Comments (0)
Add Comment