আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জানুৱাৰী, মাঘ মাহৰ ১৫ তাৰিখ

মেষঃ মাটি–বাৰী সম্পর্কীয় কথাত মনত আনন্দ পাব৷ দিনটোত পশ্চিম দিশত যাত্রা কৰিলে সাৱধান হ’ব৷ ক’লা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যোগাযোগত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
বৃষঃ আর্থিক লেনদেনত সাৱধানে থাকিব৷ বিদ্যাত সাময়িক বাধাপ্রাপ্তিৰ সম্ভাৱনা৷ যাত্রা কৰিব পাৰে৷ সেউজীয়া ৰং শুভ, শুভ সংখ্যা ৩৷
মিথুনঃ পুৰণি ৰোগৰ উপশম হ’ব পাৰে৷ চাকৰিয়ালৰ শুভ৷ বগা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ দিনৰ ১ বজাৰ পিছত সাৱধানে যাত্রা কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
কর্কটঃ আর্থিক দিশত ধনপ্রাপ্তিৰ কাৰকতা৷ ব্যৱসায়িক দিশত উন্নতি৷ ৰঙা ৰঙৰ সূতা হাতত পাঁচপাক দি মেৰিয়াই লৈ মন্দিৰত যাব৷ যাত্রা শুভ৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ২৷
সিংহঃ পশ্চিম দিশত শুভ কার্য কৰিব৷ মানসিক অস্থিৰতা বৃদ্ধি পাব৷ সেউজীয়া ৰং আপোনাৰ বাবে শুভ৷ সন্ধিয়া যাত্রা নকৰিব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৫৷
কন্যাঃ বিদ্যাত সাময়িক বাধাপ্রাপ্তিৰ সম্ভাৱনা৷ স্বাস্থ্য মধ্যমীয়া৷ শিৱৰ মন্ত্র জঁপ কৰিব৷ শুভ ৰং হালধীয়া, যাত্রাৰ বাবে দিনটো শুভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
তুলাঃ জ্বৰ, কাহ আদি ৰোগত আক্রান্ত হ’ব পাৰে৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ ৰং আকাশী নীলা, যাত্রাৰ বাবে শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷
বৃশ্চিকঃ পিতৃ–মাতৃৰ স্বাস্থ্য পূর্বৰ তুলনাত ভাল৷ শনি মন্দিৰত দান কৰিব৷ শুভ ৰং গুলপীয়া৷ যাত্রা কৰিলে পুৱা ১০ বজাৰ পিছত কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
ধনুঃ প্রেমত বুদ্ধিদীপ্ত কৌশল প্রয়োগ কৰক৷ উজ্জ্বল শ্যাম বৰণীয়া বস্ত্র পৰিধান কৰিব৷ ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰি যাত্রা কৰিব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮৷
মকৰঃ নতুন ব্যৱসায়ত ভাবি–চিন্তি আগবাঢ়িব৷ প্রেমত নতুন প্রস্তাৱ সম্ভাৱনা৷ যাত্রাৰ বাবে শুভ দিন৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
কুম্ভঃ পেট আৰু চকুৰ অসুখে আমনি দিব৷ যাত্রাৰ বাবে দিনটো বৰ এটা শুভ নহয়৷ শুভ ৰং পাতল হালধীয়া৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ শুভ সংখ্যা ৩৷
মীনঃ নিবনুৱাসকলৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা৷ বগা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ যাত্রা নিশাৰ ভাগত কৰিব৷ বিদ্যাত জটিলতা, শুভ সংখ্যা ১৷

Comments (0)
Add Comment