আজিৰ পৰা ৰাজ্যজুৰি আছুৰ তিনিদিনীয়া গণসত্যাগ্ৰহ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দি অহা সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আজিৰ পৰা ৰূপায়ণ কৰিব তিনিদিনীয়া গণসত্যাগ্রহ কার্যসূচী ৷

ৰাজ্যজুৰি আছুৰ উদ্যোগত এই গণসত্যাগ্রহ কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷ আছুৱে দিনৰ ১১ বজাত গুৱাহাটীৰ লতাশিল খেলপথাৰত ৰাইজক সমৱেত হ’বলৈ আহ্বান জনাইছে ৷ একে সময়তে জিলা সদৰসমূহতো আছুৰ উদ্যোগত এই কার্যসূচী ৰূপায়ণ কৰা হ’ব ৷ এই কার্যসূচীৰ বিষয়ে অৱগত কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ‘কা’ৰ বিৰুদ্ধে চলা আন্দোলন দমনমূলক নীতিৰে নিয়ন্ত্রণ কৰিবলৈ চৰকাৰ–প্রশাসনে কৰা চেষ্টাক ধিক্কাৰ দিয়ে ৷ লগতে শান্তিপূর্ণ আৰু গণতান্ত্রিকভাৱে আন্দোলন কৰিবলৈ সকলো পক্ষক তেওঁলোকে আহ্বান জনায় ৷

একে সময়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈক গ্রেপ্তাৰ কৰা আৰু পৰৱর্তী সময়ত ‘নিয়া’ই গোচৰ ৰুজু কৰি নিজৰ জিম্মাত লোৱাৰ বাবে চলোৱা প্রস্তুতিক আছুৰ নেতৃবৃর্ন্দই গৰিহণা দিয়ে ৷ উল্লেখ্য যে, পূর্বৰে পৰা অসম চুক্তি উলংঘা কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আছুৱে ৰূপায়ণ কৰি আহিছে প্রতিবাদী কার্যসূচী ৷ দুয়োখন সদনতে গৃহীত হোৱাৰ লগতে ৰাষ্ট্রপতিৰ স্বাক্ষৰৰ পাছত বলৱৎ হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৱে আহ্বান কৰা প্রতিবাদী কার্যসূচীত স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰিছে সমাজৰ সর্বস্তৰৰ জনসাধাৰণে ৷

শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, লেখককে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলেও আছুৰ কার্যসূচীত অংশগ্রহণ কৰিছে ৷ সমান্তৰালভাৱে এই আইনখনৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈও সমানে সাজু হৈছে ছাত্র সন্থা ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ তৰিছে ছাত্র সংগঠনটোৱে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী হিচাপে সদৌ অসম কর্মচাৰী পৰিষদে অহা ১৮ নৱেম্বৰত ঘোষণা কৰা কর্মবিৰতি কার্যসূচীলৈ সমর্থন আগবঢ়াইছে আছুৱে ৷

Featured
Comments (0)
Add Comment