নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আজি অসম দিৱস বা চ্যুকাফা দিৱস । স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰা ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ মানসেৰে সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। পাছত কেইবাটাও জাতীয় সংগঠনে ২ ডিচেম্বৰ দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে ৰজাঘৰক দাবী জনাই আহিছিল।
ইপিনে সোমবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে অসম দিৱস। অসম দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৱাই স্মৰণ কৰিলে স্বৰ্গদেউ চ্যুকাফাক ।
“চাওলুং ছ্যুকাফাই এ’, ৰাখি গৈলা খ্যাতি
আলফুলে গঢ়ি দিলা অসমীয়া জাতি…”In the words of Bharat Ratna Dr. Bhupen Hazarika, my tributes to the architect of Bor Asom, Swargadeo Chaolung Sukapha on #AsomDiwas. pic.twitter.com/Ex9XuDRoOF
— Sarbananda Sonowal (@sarbanandsonwal) December 2, 2019
ইয়াৰোপৰি অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো মহান বীৰ চাওলুং চুকাফাক সোঁৱৰণ কৰে ।
আজি অসম দিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ মহান বীৰ চাওলুং চুকাফাক, যাৰ এক জাতি এক দেশ আদৰ্শৰে গঠিত হৈছে অসমীয়া মহাজাতি। তেখেতৰ আদৰ্শই বৃহত্তৰ জাতিটোক চিৰকাল উন্নত-ঐক্যবদ্ধ কৰি ৰাখিব। সেই ঐক্যৰ ভিত্তিত অসমক দেশৰ অন্যতম সমৃদ্ধিশালী ৰাজ্যৰূপে গঢ় দিওঁ আহক। pic.twitter.com/ef0MY2mvnW
— Himanta Biswa Sarma (@himantabiswa) December 2, 2019