আজি গঠন হ’ব ‘অসম ছাত্ৰ পৰিষদ’

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে বৃহস্পতিবাৰে জন্ম দিব দলটোৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ । আঞ্চলিকতাবাদী দলটো গঠন হোৱাৰ ৩৫ বছৰৰ পাছত অগপই জন্ম দিব এই ছাত্ৰ সংগঠনটো । ছাত্ৰ সংগঠনটো গঠনক লৈ ইতিমধ্য উৎকণ্ঠা বৃদ্ধি পাইছে আঞ্চলিক দলটোৰ প্ৰতি আকৃষ্ট নতুন প্ৰজন্মৰ । বৃহস্পতিবাৰে পুৱাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ছাত্ৰ পৰিষদ গঠনৰ এই বিশাল সভাত উপস্থিত হয়হি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগতে অগপৰ নেতা-কৰ্মী । পুৱা কলাক্ষেত্ৰ প্ৰাংগণত পতাকা উত্তোলন কৰি অগপৰ সভাপতি অতুল বৰাই শুভাৰম্ভ কৰা এই বিশাল সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব । উল্লেখ্য যে, পূৰ্বতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আঞ্চলিকতাবাদী শক্তি অগপলৈ গৈছিল যদিও পৰৱৰ্তী সময়ত আছুৰ পৰা তেনে কোনো সুদোত্তৰ পোৱা নাছিল অগপই । অৱশ্যে অসম ছাত্ৰ পৰিষদ গঠনৰ পূৰ্বেই অগপ নেতৃত্বই উল্লেখ কৰিছে যে, আঞ্চলিকাতবাদী শক্তিত বিশ্বাসী কোনো দল-সংগঠনৰ সৈতে মতানৈক্য অথবা বিৰোধিতা নাথাকিব নতুনকৈ গঠন হ’ব লগা অসম ছাত্ৰ পৰিষদৰ । ইতিমধ্যে অসম ছাত্ৰ পৰিষদৰ নেতৃত্বত কোন কোন থাকিব অথবা সভাপতি, সম্পাদক কোন হ’ব তাক লৈ ইতিমধ্যে জল্পনা-কল্পনা অব্যাহত আছে । বৃহস্পতিবাৰে বিয়লিলৈ হে এই উৎকণ্ঠাৰ অন্ত পৰিব বুলি জানিব পৰা গৈছে ।

Featured