আজি চীনত ক’ৰোনা শোক দিৱস পালন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মহামাৰী  ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণহানি হোৱা আৰু আক্ৰান্তক ৰক্ষা কৰিবলৈ যুঁজত প্ৰাণ দিয়া লোকসকলৰ স্মৃতিত চীনে পালন কৰিছে ক’ৰোনা শোক দিৱস। সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে বিশ্ৱৰ প্ৰান্তে প্ৰান্তে থকা চীনৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়তো একেই কাৰ্যসূচী গ্ৰহণ কৰিৱ। আনপিনে সমগ্ৰ দেশতে কোনো সাংস্কৃতিক, সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলি বেইজিং প্ৰশাসনে চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে আজি ৩ মিনিট সময় মৌনতা পালন কৰি ক’ৰোনাৰ যুঁজত প্ৰাণ হেৰুওৱা আৰু আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ স্মৃতিত শোক পালন কৰিব। উল্লেখ্য যে যোৱা নৱেম্বৰ মাহত প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছিল চীনৰ য়ুহান প্ৰদেশত দেশখনত ৮১ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

Comments (0)
Add Comment