আজি দেশজুৰি সাধাৰণ ধর্মঘট,চকাবন্ধঃ জীৱন যাত্রা ব্যাহত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৰ্মচাৰীবিৰোধী নীতি আৰুি নাগৰিকত্ব সোশোধনী আইনৰ প্ৰতিবাদত আজি দেশৰ ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক-কৰ্মচাৰী সংগঠনসমূহে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে৷

চিআইটিইউ, এআইইউটিইউচি, এইচএমএছ, এছইডব্লিউএ, এআইটিইউচি, এলপিএফ, ইউটিইউচি, এআইচিচিটিইউ, আইএনটিইউচি, টিইউচিচিৰ লগতে পাঁচটা বেংক ইউনিয়নে আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধর্মঘটৰ ফলত সমগ্র দেশতে সাধাৰণ জীৱন যাত্রা ব্যাহত হৈ পৰিছে৷

এই ধর্মঘটৰ সময়ছোৱাত বেংক সেৱা, এটিএম সেৱাও ব্যাহত হোৱাৰ আশংকা কৰা হৈছে৷ মটৰ পৰিবহণ সংগঠনসমূহে সাধাৰণ ধর্মঘটৰ প্রতি সমর্থন জনাই চকাবন্ধৰ আহ্বান দিছে৷

অসমতো ট্রেড ইউনিয়নসমূহৰ ৰাজ্যিক কমিটী আৰু বিভিন্ন শ্রমিক–কর্মচাৰী সংগঠনে সাধাৰণ ধর্মঘটৰ প্রতি পূর্ণ সমর্থন জনাইছে৷ চিআইটিইউৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক তপন শর্মাই এক বিবৃতিত দেশৰ ৪২টা শ্রমিক–কর্মচাৰী সংগঠনে ১৩ দফীয়া দাবী চনদ লৈ আহ্বান জনোৱা সাধাৰণ ধর্মঘট অসমতো সফল কৰি তুলিবলৈ আহ্বান জনায়৷

Featured
Comments (0)
Add Comment