আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে । গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰিছে ৷ খানাপাৰাত গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷

গণৰাজ্য দিৱসৰ কার্যসূচী শান্তিপূর্ণ তথা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ ৰে’ল ষ্টেচন, বাছ আস্থান, বিমানবন্দৰ, তেল শোধনাগাৰ আদিত কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ ভাৰত–বাংলাদেশ সীমান্ততো বিএছএফৰ নিৰাপত্তা অধিক সষ্টম কৰি তোলা হৈছে৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, ৰাজ্যৰ বিভিন্ন সন্দেহজনক আৰু স্পর্শকাতৰ অঞ্চলত আৰক্ষী–নিৰাপত্তা বাহিনীৰ তালাচীৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে খানাপাৰাত কেন্দ্রীয়ভাৱে উদ্যাপন হ’বলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ মুখ্য সচিবকে ধৰি বিভিন্ন বিভাগৰ আমোলা–বিষয়া তথা বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তি, ছাত্র–ছাত্রী উপস্থিত আছে ৷

CM Sarbananda SonowalFeaturedrepublic day
Comments (0)
Add Comment