আজি নিজম পৰিব দিহিঙীয়া মহুৰা পথাৰঃ শোকাকুল কাজিৰঙা সমন্বয় ক্ষেত্ৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ আজি অন্তিমটো দিন । গোলাঘাটৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ যোৱা চাৰিটা দিনে মুখৰ হৈ আছিল হৰিনামৰ ধ্বনিৰে । হৰিনাম আৰু ভক্তিৰসৰ মাজেৰে সমগ্ৰ অসমৰ বাপ আৰু আইমাতৃ সকলেৰে মুখৰ হৈ থকা দিহিঙীয়া মহুৰা পথাৰ আজি নিজম পৰিব ।

অন্তিমটো দিনত উপস্থিত হোৱাৰ লগে লগে এতিয়া যেন শোকাকুল হৈ পৰিছে কাজিৰঙা সমন্বয় ক্ষেত্ৰ । দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা দিহিঙীয়া মহুৰা পথাৰ এৰি যোৱাৰ পৰত চকুলো নিগৰিছে প্ৰতিজন ভকত-বৈষ্ণৱৰ । দ্বিতীয় বৈকুণ্ঠৰ এই পৰিৱেশ আৰু ভক্তিৰসৰ মাজত নিজকে সমপৰ্ণ কৰি যোৱা তিনিটা দিনে নেদেখাজনৰ চৰণ কমলত সেৱা আগবঢ়াই অহা সেৱা বাহিনীৰ যুৱক-যুৱতী সকলো আবেগিক হৈ পৰে ।

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে দ্বিতীয় বৈকুণ্ঠৰ পৰা বিদায় লৈ চকুলো টুকিলে একাংশ ভকত-বৈষ্ণৱে । বহু প্ৰত্যাশিত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থকা বাপ-আইসকলৰ বাবে আজিৰ দিনটো যেন অত্যন্ত দুখৰ । ভকত-বৈষ্ণৱৰ পদধূলা শিৰত লৈ এতিয়া প্ৰতিজন ভক্তই উভতি যাব দিহিঙীয়া মহুৰা পথাৰৰ পৰা ।

উল্লেখ্য যে, শংকৰদেৱ সংঘৰ ৯০ সংখ্যক অধিৱেশন আগন্তুক বৰ্ষত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ।

Featured
Comments (0)
Add Comment