আজি হোমেন বৰগোহাঞি সূর্য দাসক শ্বহীদ কৰম সিং বঁটা

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ বীৰ সংগ্রামী সেনানী শ্বহীদ কৰম সিংহৰ নামত শ্বহীদ কৰম সিংহ ন্যাস, অসমে প্রৱর্তন কৰা ‘শ্বহীদ কৰম সিংহ জনমভূমি বঁটা–২০১৯’ প্রদানৰ এটা মননশীল অনুষ্ঠান কাইলৈ নগাঁৱৰ মহাপুৰুষ শ্রীম শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত এই সন্মানীয় বঁটা আগবঢ়োৱা হ’ব ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক, প্রথিতযশা সাহিত্যিক, কথাশিল্পী, সাংবাদিক, আধুনিক চিন্তাৰ নায়ক হোমেন বৰগোহাঞিক আৰু গণশিল্পী, সুৰকাৰ, গীতিকাৰ, কণ্ঠশিল্পী সূর্য দাসক৷ বিয়লি এক বজাত অনুষ্ঠিত হ’বলগা সভাখনত বিশিষ্ট আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য ড০ কন্দর্প কুমাৰ ডেকা৷ শ্বহীদ কৰম সিংহ ন্যাস, অসমৰ মুখ্য উপদেষ্টা ড০ নন্দ সিং বৰকলা, উপদেষ্টা যশৱন্ত সিং আৰু সভাপতি জগদীশ সিঙে (ৰিজু) অনুষ্ঠানটোত সকলোৰে সহায়–সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে৷ উল্লেখ্য যে অগ্ণিগর্ভা অসমৰ প্রতিটো সমস্যাত নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া বৰকলা গাঁৱৰ বিশেষকৈ শিখ সমাজৰ ত্যাগ, দেশপ্রেম, অসমীয়া কলা–সংস্কৃতিক গভীৰ শ্রদ্ধাৰে আদৰি লোৱা দৃষ্টান্ত নতুন প্রজন্মৰ বাবে কাললৈ আদর্শ হৈ ৰ’ব৷ অসমৰ অস্তিত্বৰক্ষা সংগ্রামত চন্দন সিং, কৰম সিং আৰু বলি মজুমদাৰ শ্বহীদ হৈ বিৰল খ্যাতি ৰাখি গৈছে৷ চন্দন সিঙৰ দুর্দান্ত সাহস আৰু দেশপ্রেম, বলি মজুমদাৰৰ বীৰত্বৰ নিদর্শন আৰু ১৯৮৩ চনৰ ১ মার্চত নগাঁও জিলাৰ কামপুৰৰ ওচৰৰ চেঙাজানৰ কাষত কেন্দ্রীয় সংৰক্ষিত বাহিনীৰ গুলীত অসমীয়া শিখ গাঁও এইবৰকলাৰে অদমনীয় সাহস–শক্তিৰ প্রতিমূর্তি স্বৰূপ কৰম সিংহই স্বদেশ আৰু স্বজাতিৰ বাবে জীৱন বলিদান দিয়ে৷

Featured
Comments (0)
Add Comment