আজি ৬ ডিচেম্বৰ, আঘোণ মাহৰ ১৯ তাৰিখ

মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৬, সম্পত্তিৰ কাৰণে মতবিৰোধ হ’ব পাৰে৷ আর্থিক সংকটে দেখা দিব পাৰে৷ ধাৰে দিয়া টকা পইচা ঘূৰাই পাব৷ ব্যৱসায়িক কাৰণত ভ্রমণ কৰিব লগা হ’ব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পূজা সেৱা কৰা ব্রাহ্মণ এজনক বগা বস্ত্র আৰু দক্ষিণা দান কৰিব৷
বৃষঃ শুভ ৰং বগা, সংখ্যা ৩, চাকৰিৰ প্রার্থীসকলে ভাল খবৰ পাব পাৰে৷ বিদেশ ভ্রমণৰ সুযোগ আহিব পাৰে৷ মূল্যৱান বস্তু হেৰাব পাৰে৷ আত্মীয়ৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়৷ প্রতিকাৰ– মন্দিৰৰ ওচৰত থকা ভিক্ষাৰীক খোৱাবস্তু দান কৰিব৷
মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৮, হাতলৈ টকা আহিব৷ আয় বৃদ্ধি পাব৷ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ ভয়, আনক সহায় কৰি ক্ষতিগ্রস্ত হ’ব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱাবস্তু দান কৰক৷
কর্কটঃ শুভ ৰং হালধীয়া, সংখ্যা ৪, সন্মান হানি হোৱাৰ ভয় আছে৷ কৰিম বুলি ভাবি থকা কাম কৰিব পাৰে৷ ঘৰৰ মূল ব্যক্তিৰ শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব পাৰে৷ প্রতিকাৰ– ৰাস্তাৰ গৰু এটাক শুকান ৰুটী খুৱাব৷
সিংহঃ শুভ ৰং বগা, সংখ্যা ৫, এই ৰাশিৰ চাকৰি কৰা জাতকসকলে নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ আপুনি কৰা ভাল কামৰ বাবে পুৰস্কৃত হ’ব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই সূর্যক প্রণাম কৰি জল অর্পণ কৰিব৷
কন্যাঃ শুভ ৰং বেঙুণীয়া, সংখ্যা ৯, চিনাকি ব্যক্তিৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ পাৰিবাৰিক হিংসাই প্রচণ্ড ক্ষতি কৰিব৷ সন্তানৰ ভাল কামে গৌৰৱ আনিব৷ প্রতিকাৰ– কপালত বগা চন্দনৰ ফোঁট ল’ব৷ ঘৰৰ পৰা ওলাওঁতে সূর্যক প্রণাম কৰি ওলাব৷
তুলাঃ শুভ ৰং গেৰুৱা, সংখ্যা ২, চাকৰিৰ প্রার্থীসকলে ভাল খবৰ পাব পাৰে৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে৷ চাকৰিৰ স্থানৰ সালসলনি হ’ব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাতে অলপ কর্পূৰ দিব আৰু লক্ষ্মী নাৰায়ণৰ চৰম চিন্তা কৰিব৷
বৃশ্চিকঃ শুভ ৰং বগা, সংখ্যা ৬, অর্থৰ অভাৱ বাঢ়িব৷ সন্তানৰ দ্বাৰা অকাৰণত অর্থ হানি হোৱাৰ ভয়৷ ব্যৱসায়ত স্থানক লৈ কিছু সংখ্যা আহিব পাৰে৷ সামাজিক কামৰ দায়িত্ব পাব পাৰে৷ প্রতিকাৰ– তুলসীৰ তলত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷
ধনুঃ শুভ ৰং আকাশীনীলা, সংখ্যা ৮, পদোন্নতিৰ খবৰ পাব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা আহিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ আত্মীয়ৰ পৰা বেয়া খবৰ পাব৷ প্রতিকাৰ– ঘৰৰ উত্তৰ কোণত এটা খুঁটি মাৰি তাত ৰঙা কাপোৰ বান্ধি তলত ধূপ জ্বলাব৷
মকৰঃ শুভ ৰং হালধীয়া, সংখ্যা ৭, কর্মসূত্রে দূৰ ভ্রমণ কৰিব লগা হ’ব৷ ব্যৱসায়ীৰ সুফল প্রাপ্তি হ’ব৷ কর্মত বাধা আহিব৷ প্রতিকাৰ– মন্দিৰৰ ওচৰত থকা ভিক্ষাৰী এজনক বস্ত্রদান কৰিব৷
কুম্ভঃ শুভ ৰং সেউজীয়া, সংখ্যা ৩, ব্যৱসায়ত বাধা পাব৷ পৰিয়ালৰ লগত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ ভাল কামে সুখ দিব৷ প্রতিকাৰ– যিকোনো কামত হাত দিয়াৰ আগতে ইষ্ট দেৱতাক স্মৰণ কৰিব৷
মীনঃ শুভ ৰং বগা, সংখ্যা ৮, চোৰৰ পৰা ক্ষতি হোৱাৰ ভয়৷ ঘৰুৱা সমস্যাই অশান্তি বঢ়াব৷ বন্ধুৰ পৰা ক্ষতিৰ ভয় আছে৷ ভৰিত আঘাত পাব পাৰে৷ প্রতিকাৰ– হনুমান মন্দিৰত হনুমান চালিচা পাঠ কৰিব৷

Comments (0)
Add Comment