আজি ৮৮ বছৰত ভৰি দিলে কথাশিল্পী হোমেন বৰগোহাঞিয়ে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বিশিষ্ট কথাশিল্পী, লেখক, চিন্তাবিদ, সম্পাদক হোমেন বৰগোহাঞিয়ে আজি ভৰি দিলে ৮৮ বছৰ বয়সত । ছাত্ৰাৱস্থাতে সৃষ্টিশীল ৰচনাৰে অসমীয়া সাহিত্যত সবল আত্মপ্ৰকাশ কৰা বৰগোহাঞিয়ে উচ্চপদস্থ চৰকাৰী চাকৰি ত্যাগ কৰি আৰম্ভ কৰা সাংবাদিকতা জীৱন আজিও অব্যাহত ৰাখিছে সক্ৰিয় ৰূপত । অনবদ্য সৃষ্টিৰাজিৰ বাবে সীমাৰ পৰিধি ভাঙি লাভ কৰা স্বীকৃতি আৰু পঢ়ুৱৈ সমাজৰ বিপুল সমাদৰে তেওঁৰ কৰ্মৰাজিক প্ৰতিষ্ঠা কৰিছে অনন্য ৰূপত । এগৰাকী শক্তিশালী সম্পাদক ৰূপে বিগত দশকসমূহত বৰগোহাঞিয়ে আগবঢ়োৱা সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক বিশ্লেষণসমূহে অসমৰ সংবাদ জগতখনক সুকীয়া স্থানত অধিষ্ঠিত কৰিছে । সাহিত্য অকাডেমী বঁটাপ্ৰাপক বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসনো শুৱনি কৰিছে । ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক ৰূপে কৰ্মৰত হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত ঢকুৱাখনাত । পিতৃ ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃ আইতা বৰগোহাঞি । মুখ্য সম্পাদক বৰগোহাঞিৰ ওপজা দিনটোত নিয়মীয়া বাৰ্তাৰ পৰিয়ালে তেওঁক অযুত শুভকামনা জনোৱাৰ লগতে আগন্তুক সক্ৰিয় কৰ্মজীৱনৰ কামনাৰে প্ৰাৰ্থনা জনাইছে ।

Featured
Comments (0)
Add Comment