আজি ৰাজ্যসভাত উঠিব কেব ! গৃহীতৰ বাবে প্ৰয়োজন ১২০ টা ভোটৰ

নিউজডেস্ক, ১১ ডিচেম্বৰঃ  সোমবাৰে মাজনিশা লোকসভাত গৃহীত হৈ যোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন আজি ৰাজ্যসভাত উত্থাপন কৰা হ’ব ।

মন কৰিবলগীয়া যে বিজেপিয়ে সোমবাৰৰ পৰা বুধবাৰলৈকে দলৰ সকলো সাংসদক সংসদৰ উভয় সদনত উপস্থিত থকাৰ বাবে তিনি তৰপীয়া হুইপ জাৰি কৰি থৈছে ৷ পিছে লোকসভাৰ দৰে ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাটো চৰকাৰৰ বাবে সহজসাধ্য নহ’ব ৷ কাৰণ উচ্চ সদনত শাসকীয় বিজেপি তথা এন ডি এ মিত্রজোঁটৰ সংখ্যাগৰিষ্ঠতা নাই ৷

এনে পৰিস্থিতিতো শাসকীয় দলটোৱে বিধেয়কখন উচ্চ সদনতো গৃহীত কৰাৰ সকলো ৰণকৌশল ইতিমধ্যে প্রস্তুত কৰিছে ৷

উল্লেখ্য যে আজিৰ তাৰিখত ৰাজ্যসভাৰ মুঠ ২৪৫ খন আসনৰ ভিতৰত খালী হৈ আছে ৭ খন আসন ৷ সেই অনুসৰি বর্তমানে থকা ২৩৮ খন আসনৰ ভিতৰত বিজেপিৰ নিজা আসনৰ সংখ্যা হৈছে ৮৩ খন ৷ আনহাতে, শাসকীয় মিত্রজোঁট এনডিএৰ আসনৰ সংখ্যা হৈছে ১০৫ খন ৷

ইয়াৰ বিপৰীতে আজিৰ তাৰিখত ৰাজ্যসভাত কংগ্রেছৰ ৪৬ খন আসনকে ধৰি কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ সংখ্যা হৈছে ৬৩ খন ৷

ইফালে ৰাজ্যসভাত বিধেয়ক গৃহীত কৰাৰ বাবে প্রয়োজন হ’ব ১২০ খন আসনৰ ৷ সেয়েহে কেন্দ্রীয় চৰকাৰে এতিয়া ১১ খন আসন থকা এআইডিএমকে, ৭ খন আসন থকা বিজু জনতা দল, ২ খন আসন থকা ৱাই এছ আৰ কংগ্রেছৰ সৈতে যোগাযোগ কৰি থকাৰ কথা জানিব পৰা গৈছে ৷ যদিহে এই দলকেইটায়ো বিজেপিক সমর্থন জনায়, তেনেহ’লে বিধেয়কৰ সপক্ষে থকা আসনৰ সংখ্যা হ’বগৈ ১২৫ খন ৷

আনকি এই দলসমূহে যদি ভোটৰ সময়ত সদন ত্যাগ কৰে, তেনেহ’লেও নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হ’ব

আনহাতে, বিজেপিৰ সূত্রত প্রকাশ পোৱা মতে, দুজন নির্দলীয় সাংসদে বিধেয়কখনলৈ সমর্থন জনাব পাৰে ৷ সকলো সমীকৰণ ঠিক থাকিলে ৰাজ্যসভাৰ পৰীক্ষাতো উত্তীর্ণ হৈ যাব নাগৰিকত্ব সংশোধনী বিধেয়ক !!!

citizenship amendment billFeaturedRajya Sabha
Comments (0)
Add Comment