আঠদিনীয়াকৈ আৰম্ভ দশম বার্ষিক ভাৰত–ভূটান বন্ধুত্ব মেলা

নৃত্য–গীতেৰে মুখৰ বাগ্সাৰ সুৱণখাটা

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ বাগ্সাৰ সুৱণখাটাত শুকুৰবাৰৰ পৰা আঠদিনীয়াকৈ আৰম্ভ হয় দশম বার্ষিক ভূটান–ভাৰত বন্ধুত্ব মেলা ৷ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ পৰা উপস্থিত হৈছে বহুসংখ্যক ভূটানৰ নাগৰিক ৷ ভাৰত–ভূটান বন্ধুত্ব মেলাৰ সৈতে আৰম্ভ হৈছে ৬৮সংখ্যক ঐতিহাসিক মাঘ মেলা ৷ বিভিন্ন সাংস্কৃতিক কার্যসূচীৰ লগতে মেলাত কহিনুৰ থিয়েটাৰে তিনি নিশা বিনামূলীয়াকৈ নাট প্রদর্শন কৰিব ৷ শুকুৰবাৰে পুৱা মুখ্য তোৰণ মুকলি কৰে বিটিচিৰ কার্যবাহী সদস্য বিজিতগৌৰা নার্জাৰীয়ে ৷ পুৱা ৮.৩০ বজাত দুয়োখন দেশৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰা হয় ৷ ভাৰতৰ জাতীয় পতাকা বাগ্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শর্মা আৰু ভূটানৰ জাতীয় পতাকা উত্তোলন কৰে ভাৰত–ভূটান বন্ধুত্ব মেলাৰ সম্পাদক নৰবু ৱাংডিয়ে ৷ ইয়াৰ পিছতে পর্যায়ক্রমে প্রদর্শনী, ব্যৱসায়িক ষ্টল, মীনা বাজাৰ আদিৰ দ্বাৰ উদ্বোধন কৰা হয় ৷ এই মেলাৰ জৰিয়তে দুয়ো দেশৰ বন্ধুত্ব বৃদ্ধি পাব বুলি প্রকাশ কৰিছে ভাৰত–ভূটান বন্ধুত্ব মেলাৰ সম্পাদক নৰবু ৱাংডিয়ে ৷ তেওঁ কয়– ভাৰত আৰু ভূটানৰ সম্পর্ক পুৰণিকলীয়া ৷ বাগ্সাৰ লোকসকল সহজ–সৰল৷ ভূটানতকৈ বাগ্সাৰ লোকসকল ব্যৱসায়িকভাৱেও আগবঢ়া ৷ এই মেলাৰ জৰিয়তে দুয়ো দেশৰ সাংস্কৃতিক আৰু ব্যৱসায়িক সম্পর্ক অধিক সুদৃঢ় হ’ব ৷ ইফালে স্থানীয় এম চি এল এ ফলিন্দ্র বসুমতাৰীয়ে মেলাথলীত কয়, দুয়ো দেশৰ মানুহৰ মাজত প্রেম, ভাতৃত্ব আৰু শান্তি–সম্প্রীতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজিৰে পৰা আঠদিনীয়াকৈ এই বন্ধুত্ব মেলাৰ আয়োজন কৰা হৈছে ৷ ভূটানী লোকসকলক পাই আমাৰ লোকসকল যথেষ্ট আনন্দিত হৈছে৷ কথা–বতৰা পাতি মনৰ ভাব আদান–প্রদান কৰিছে ৷ মেলা উপলক্ষে অনুষ্ঠিত মুকলি সভাত চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বাগ্সা জিলাৰ আৰক্ষী অধীক্ষক থুবে প্রতীক বিজয় কুমাৰ, ভূটানৰ বিষয়ববীয়াসকল, বাগ্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল আদিয়ে অংশ লয় ৷ মূল মঞ্চত বডো, বিহু, আদিবাসী, মদাহি, শৰণীয়া কছাৰী আদি বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ লগতে ভূটানী ডেকা–গাভৰুৰ নৃত্য–গীতে আপ্লুত কৰে উপস্থিত সকলোকে৷ মেলাথলীত বিভিন্ন জনগোষ্ঠীয় খাদ্যৰো পয়োভৰ ঘটিছে ৷

Comments (0)
Add Comment