“আন্দোলনৰ সময়ত হিংসা বিয়পোৱা নেতৃত্বৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব”-জি পি সিং

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসম আৰক্ষীৰ নৱনিযুক্ত অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যলৈ ক্রমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে ৷

উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি আন্দোলনকাৰীসকলক প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ ক্ষেত্রত সতর্ক হ’বলৈ আহ্বান জনায় সিঙে ৷

তেওঁ লগতে কয় যে ১৪৪ ধাৰা জাৰি হৈ থকা সময়ত আন্দোলন কৰিব নোৱাৰে ৷ আন্দোলন কৰিবলৈ হ’লে আগতীয়াকৈ প্রশাসনৰ অনুমতি লোৱা উচিত ৷

আনহাতে, আন্দোলনৰ সময়ত হিংসা বিয়পোৱা নেতৃত্বৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে ৷

আন্দোলনৰ নামত হিংসাৰ আশ্রয় লোৱা ঘটনাত লিপ্ত ৰাজ্যৰ ২০০জন প্রতিবাদকাৰীক গ্রেপ্তাৰ আৰু ১,৫০০জন প্রতিবাদকাৰীক আটক কৰা হৈছে বুলি উল্লেখ কৰি প্রতিবাদকাৰীসকলক্ আইন হাতত তুলি নল’বলৈ আহ্বান জনায় জি পি সিঙে ৷

Featured
Comments (0)
Add Comment