আপোনাৰ আজিৰ দিনটো

মেষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩, বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷ শিক্ষার্থীৰ বাধা আছে৷ প্রতিকাৰ– শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব৷

বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৫, পুৰণা মোকর্দমাত জয় হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে৷ শৰীৰ সুস্থ থাকিব৷ টকা–পইচাৰ অভাৱ পাব৷ প্রতিকাৰ– গৃহলক্ষ্মীৰ আৰাধনা কৰিব৷ লো দান কৰিব পাৰে৷

মিথুনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৭, ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷ প্রতিকাৰ– ঘৰৰ মূল দর্জাৰ ওচৰত এটা পাত্রত পানী ৰাখি তাত ফুল দি ৰাখিব৷

কর্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৬, বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷ প্রতিকাৰ– ঘৰ পৰিষ্কাৰ কৰি গৃহলক্ষ্মীক আৰাধনা কৰিব৷

সিংহঃ শুভ ৰং গুলপীয়া, সংখ্যা ৮, আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে৷ অর্থৰ নাটনি হ’ব৷ প্রতিকাৰ– ঘৰ পৰিষ্কাৰ কৰি গৃহলক্ষ্মীক আৰাধনা কৰিব৷

কন্যাঃ শুভ ৰং নীলা, সংখ্যা ৯, ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ প্রতিকাৰ– ঘিউৰ চাকি জ্বলাই তাত পানৰ পিপলি এটা দি ৰাখিব৷

তুলাঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৮, দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ চাকি জ্বলাই শনিৰ স্তৱ পাঠ কৰিব৷

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ৪, অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ীকৰণ হ’ব৷ কর্মত নিযুক্তি হ’ব৷ প্রতিকাৰ– হনুমান মন্দিৰত ফল দিয়ক৷

ধনুঃ শুভ ৰং নীলা, সংখ্যা ৭, দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব৷ শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷ প্রতিকাৰ– ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষ্ণুৰ চৰণত দিব৷

মকৰঃ শুভ ৰং ৰঙা, সংখ্যা ৫, স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷ প্রতিকাৰ– সূর্য দেৱতাক স্মৰণ কৰি জল অর্পণ কৰক৷

কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৩, শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব৷ প্রতিকাৰ– মন শুদ্ধ কৰি গণেশ দেৱতাৰ চৰণ চিন্তা কৰক৷

মীনঃ শুভ ৰং নীলা, সংখ্যা ২, আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে৷ হাতলৈ টকা আহিব, কিন্তু খৰচ বৃদ্ধি পাব৷ প্রতিকাৰ– ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰিডাল ধূপ জ্বলাই সূর্যলৈ চাই পানী ঢ়ালিব৷

Comments (0)
Add Comment