আমাৰ বিৰুদ্ধে এই আক্ৰমণ কিয় , উত্তৰ দিব লাগিবঃ সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে অসমৰ ভিন্ন ঠাইত শান্তি আৰু প্ৰগতিৰ বাবে বিজেপি দল আৰু চৰকাৰে অনুষ্ঠিত কৰি আহিছে শান্তি সমদল । দেওবাৰে শুৱালকুছিত শান্তি সমদল কাৰ্যসূচীৰ অন্তত বিশাল জনসভাত ৰাইজক উদ্দেশ্য ভাষণ প্ৰদান কৰে সৰ্বানন্দ সোণোৱালে ।

সাম্প্ৰতিক পৰিস্থিতিত আমি কি এনে ভুল কৰিলো যে, আমাৰ ৱাৰ্ড সদস্য, সভাপতি, জেডপিচি অথবা সাংসদ-মন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । আমিটো একো ভুল কৰা নাই , যি ভুলৰ বাবে আমাক এই আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । গতিকে এই আক্ৰমণৰ আঁৰত প্ৰতিবাদকাৰীসকলে দেখা ভুল কি এইবোৰ জবাব আমাক দিব লাগিব । এইখন অসমীয়া সমাজ আৰু ৰাইজৰ বাবে আমাৰ চৰকাৰে কি কৰা নাই, ইমানৰ পাচতো আমাক কিয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেই বিষয়ে অসমৰ সজাগ-সচেতন জনগণে জানিব বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সভাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহক । হঠাতে সংঘটিত হোৱা এনে হিংসা আৰু ষড়যন্ত্ৰৰ মূল কংগ্ৰেছ আৰু বাওঁপন্থী দল বুলি উল্লেখ কৰাৰ লগতে এইয়া তথ্যসহ প্ৰমাণিত হোৱা বুলিও কয় । জন্মলগ্নৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত কাম কৰি আহিছে । খিলঞ্জীয়া আৰু ভূমিপুত্ৰ জাতি-জনগোষ্ঠীৰ স্বাৰ্থত কাম কৰা ভাৰতীয় জনতা পাৰ্টীয়ে বিদেশীক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে । অসমৰ এই বিদেশী সমস্যাৰ ক্ষেত্ৰত মূল দায়ী কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহ । অসম চুক্তি স্বাক্ষৰ কৰাৰ পাচতো ভিন্ন সময়ত ভোটৰ লালসাত কংগ্ৰেছ দলে বিদেশীক সংস্থাপিত কৰিছিল । গতিকে বিদেশী সংস্থাপিত কৰা বিষয়টোত ভাৰতীয় জনতা পাৰ্টীক দোষাৰোপ কৰাৰ বাবে কোনো অৱকাশ নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ।

কেতিয়াও পৃথিৱীৰ কোনো পৰাক্ৰমী শক্তিয়ে পৰাভূত কৰিব নোৱাৰিব অসম তথা অসমী আইক । লাচিত-চিলাৰায়ৰ আদৰ্শেৰে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও বিদেশীক প্ৰশ্ৰয় নিদিয়ে । এইখন চৰকাৰ শাসনত থকালৈকে কোনো এজন বিদেশীও অসমত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই সভাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থালৈ প্ৰশ্ন মুখ্যমন্ত্ৰীজনৰ । শ্বহীদ পৰিয়াললৈ প্ৰদান কৰা এককালীন সাহাৰ্য, গুলীবিদ্ধ সকললৈ আগবঢ়োৱা সাহাৰ্য আৰু গুৱাহাটী বৰাগাঁৱত শ্বহীদৰ স্মৃতি যুগমীয়া কৰাৰ বাবে নিৰ্মাণ কৰি শ্বহীদ স্মাৰক আধাৰশিলা অপৰাধ নেকি বুলি সদৌ অসম ছাত্ৰ সন্থালৈ প্ৰশ্ন কৰে সৰ্বানন্দ সোণোৱালে । নিজকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা উৎপাদিত বুলি উল্লেখ কৰি সংগঠনটোৰ প্ৰতি আজিও শ্ৰদ্ধা থকা বুলি কয় যদিও নেতৃত্ব যদি কিবা ব্যক্তিগত আক্ৰোশ আছে , সেই আক্ৰোশ জাতিটোৰ ক্ষেত্ৰত প্ৰয়োগ নকৰিবলৈও অনুৰোধ কৰে সৰ্বানন্দ সোণোৱালে ।

আমাক এঘৰীয়া নকৰিব আমি আপোনালোকৰ মাজৰে এজন , সদায় অসম আৰু খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত কাম যাম বুলি শেষত পুনৰ উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ।

Featured
Comments (0)
Add Comment