আৰু ৫ বছৰলৈ নিষিদ্ধ আলফা

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসমৰ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাক নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধি কৰিছে কেন্দ্ৰই । গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী মতে উগ্ৰপন্থী সংগঠনটোক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে । হত্যা, অপহৰণ আদি আইনবিৰোধী কাৰ্যকলাপত সংগঠনটো বৰ্তমানো সক্ৰিয় হৈ থকাৰ বাবে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । গৃহ মন্ত্ৰালয়ে জনোৱা মতে বিভিন্ন অবৈধ আৰু সংবিধানবিৰোধী কাৰ্যকলাপত জড়িত হৈ আলফাই অসমৰ স্বাধীনতা দাবী কৰি আহিছে, যিটো দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিস্বৰূপ । উল্লেখ্য যে আলফাই অসমৰ স্বাধীনতাৰ দাবীত বিগত চাৰি দশক ধৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে ।

FeaturedPARESH BARUAHULFA