ইণ্টাৰনেট সেৱা বন্ধ : গুৱাহাটীত কেব চালকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ইণ্টাৰনেট সেৱা বন্ধক কেন্দ্র কৰি মহানগৰীৰ অনলাইন ব্যৱসায়–প্রতিষ্ঠান তথা বেংকিং খণ্ডত একপ্রকাৰ অচল অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে অনির্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ ফলত গ্রাহকৰ লগতে ব্যৱসায়ীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

তদুপৰি ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ বাবে জীৱিকা অচল হৈ পৰিছে ৷ বিশেষকৈ অনলাইন কেব সেৱাৰ লগত জড়িত চালক তথা অন্যান্য লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ শীঘ্রে অনলাইন সেৱা মুকলি কৰিবলৈ চৰকাৰ–প্রশাসনক বিভিন্ন প্রতিষ্ঠানৰ লগতে সদৌ অসম কেব অপাৰেটৰ সন্থা আৰু সদৌ গুৱাহাটী কেব চালক–মালিক সন্থাই আহ্বান জনাই আহিছে যদিও তেওঁলোকৰ আহ্বানৰ প্রতি চৰকাৰে গুৰুত্ব দিয়া নাই বুলি সন্থাৰ বিষয়ববীয়াসকলে অভিযোগ কৰে ৷

আজি গুৱাহাটীত সদৌ অসম কেব অপাৰেটৰছ ইউনিয়ন আৰু সদৌ গুৱাহাটী কেব চালক সন্থাই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব বুলি সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷ এই আন্দোলনত যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে চৰকাৰ–প্রশাসন দায়ী হ’ব বুলি সংগঠন দুটাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে ৷

উল্লেখ্য যে, বিগত ৬ দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বাবে কেব চালকসকলৰ পৰিয়াল পোহ–পাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ যদিহে শীঘ্রে অনলাইন কেব সেৱাৰ বাবে ইণ্টাৰনেট সেৱা মুকলি কৰি নিদিয়ে, তেন্তে পৰৱর্তী সময়ত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলিও কেব চালক সন্থাই হুংকাৰ দিয়ে ৷

Comments (0)
Add Comment