ইস্ত্রি, ভেকুৱাম ক্লীনাৰ, হেয়াৰ ড্রায়াৰ ব্যৱহাৰ সন্দর্ভত এ চি এৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃদেওবাৰে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত–শ্রীলংকাৰ টি–২০ৰ মেচৰ সময়ত উইকেট শুকুৱাবলৈ অসম ক্রিকেট সন্থাই ইস্ত্রি, ভেকুৱাম ক্লীনাৰ, হেয়াৰ ড্রায়াৰ আদি ব্যৱহাৰ কৰাক লৈ দেশৰ ক্রীড়া মহল আৰু ছ’চিয়েল মিডিয়াত ব্যাপক হাস্যৰসৰ সৃষ্টি হোৱা দেখা গৈছে৷

অসম ক্রিকেট সন্থাৰ এই পদক্ষেপক সকলোৱে অদ্ভুত আৰু হাস্যকৰ আখ্যা দিছে৷ কিন্তু অসম ক্রিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই এক সংবাদ মেলত স্পষ্ট কৰে যে পিটচ শুকাবলৈ এই ধৰণৰ পদ্ধতি অৱলম্বন কৰাটো বি চি চি আইৰ নিয়মৰ অন্তর্ভুক্ত৷

আন্তঃৰাষ্ট্রীয় মেচ আয়োজন কৰা সংস্থাসমূহলৈ বি চি চি আয়ে প্রেৰণ কৰা নীতি–নিয়মৰ তালিকাত এই কথা সন্নিৱিষ্ট থকা বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৬ত চেন্নাইৰ চিপক ষ্টেডিয়ামৰ পিটচ শুকুৱাবলৈ গ্রাউণ্ডছমেনে উইকেটৰ মাজত কয়লা জ্বলাইছিল৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত এখন টেষ্ট মেচৰ পূর্বে মন্থৰ আৰু সিক্ত হৈ থকা উইকেট খেলৰ উপযোগী কৰিবলৈ তামিলনাডু ক্রিকেট সন্থাই এই অভিনৱ পদ্ধতি অৱলম্বন কৰিছিল৷

Featuredএ চি এৰ প্রতিক্রিয়া
Comments (0)
Add Comment