উচ্চতম ন্যায়ালয়ত আইনজীৱীৰ বেশত তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনজীৱীৰ বেশত যুঁজ দিব প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৷ আইনজীৱীৰ বেশত উচ্চতম ন্যায়ালয়ত থিয় দিয়াৰ বাবে গগৈয়ে নতুনকৈ উকীলৰ পোছাকো ক্রয় কৰিছে ৷ মঙলবাৰে এখন সংবাদ মেলত গগৈয়ে এই কথা জানিলৈ দিয়ে ৷

প্রাক্তন কেন্দ্রীয় গৃহমন্ত্রী, আইনজ্ঞ পি চিদাম্বৰমৰ সহযোগী হিচাপে তেওঁ উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে যুক্তি প্রদর্শন কৰিব ৷ সেই উদ্দেশ্যে মঙলবাৰে বিয়লি তেওঁ নতুন দিল্লীলৈ উৰা মাৰে ৷ মন কৰিবলগীয়া এয়ে যে ‘কা’ বাতিলৰ বাবে গগৈয়ে ইতিমধ্যে এখন আবেদন দাখিল কৰিছে ৷ গগৈৰ অধিবক্তা হৈছে চিদাম্বৰম ৷ চিদাম্বৰমৰ সহযোগী হিচাপে গগৈয়ে ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে যুক্তি প্রদর্শন কৰিব ৷ নতুন দিল্লীলৈ উৰা মৰাৰ পূর্বে দিছপুৰস্থিত চৰকাৰী আৱাসত আয়োজিত এখন সংবাদ মেলত গগৈয়ে সাম্প্রতিক সময়ৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷

গুৱাহাটীকে ধৰি ৰাজ্যখনত হোৱা প্রতিবাদী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা, ধ্বংসযজ্ঞত চৰকাৰ জড়িত থকাৰ অভিযোগ কৰে ৷ গগৈয়ে ধ্বংসাত্মক কার্যত আৰএছএছ জড়িত থকা বুলিও মন্তব্য কৰে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভূমিকাকো সমালোচনা কৰি গগৈয়ে কয় যে মোদীয়ে আন্দোলনত পাকিস্তানী এজেণ্ট জড়িত বুলি কোৱাটো দুর্ভাগ্যজনক ৷ ইয়াৰ জৰিয়তে তেওঁ অসমীয়া জাতিক অপমান কৰিছে ৷ তাৰ বাবে তেওঁ মোদীক ক্ষমা খোজাৰ দাবী জনায় ৷ ডিঙিত গামোচা ল’লেই অসমীয়াক ভালপোৱা নুবুজায় বুলি উল্লেখ কৰি গগৈয়ে কয় যে মোদীয়ে সঁচাকৈয়ে যদি গামোচাক সন্মান কৰে, তেতিয়া হ’লে ‘কা’ বাতিল কৰক ৷ নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা ট্রাইবেল বেল্ট–ব্লক আঁতৰাই ৰখাৰো উল্লেখ নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ আনহাতে অখিল গগৈক ‘নিয়া’ৰ গোচৰত গ্রেপ্তাৰ কৰা কার্যক তেওঁ গৰিহণা দিয়ে ৷

Comments (0)
Add Comment