উত্তৰ গুৱাহাটীত কিশোৰীক বলাৎকাৰ

নিয়মীয়া বার্তা, ২১ মার্চঃ উত্তৰ গুৱাহাটী মধ্যম খণ্ড ফেৰীঘাটৰ কাষত বৃহস্পতিবাৰে বিয়লি মানৱ সমাজক লজ্জিত কৰা ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ ফেৰীঘাটটোৰ ঘন ঝাউবনৰ সুবিধা গ্রহণ কৰি এগৰাকী কিশোৰীক তিনি পাষণ্ডই চৰিতার্থ কৰিলে অসৎ কার্য ৷ উত্তৰ গুৱাহাটী থানাৰ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা উত্তৰ গুৱাহাটীলৈ তিনিজন পাষণ্ডই ফেৰীৰে লৈ আহিছিল কিশোৰীগৰাকীক ৷ ফেৰীঘাটৰ গহীন তথা ঘন ঝাউবনৰ সুযোগ লৈ তিনিও পাষণ্ডই কিশোৰীগৰাকীৰ মুখত সোপা দি অসৎ কার্য চৰিতার্থ কৰে ৷ দিনত গা ধুবলৈ অহা এজন স্থানীয় ব্যক্তিৰ খবৰৰ ভিত্তিত মুমূর্ষু অৱস্থাত কিশোৰীগৰাকীক উত্তৰ গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনে ৷ ইফালে কিশোৰীগৰাকীক পাশৱিক অত্যাচাৰ কৰা তিনি পাষণ্ডই গহীন ঝাউবনৰ সুযোগ লৈ পলায়ন কৰে ৷ আৰক্ষীয়ে তিনি পাষণ্ডক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুতোৱা সময়লৈকে কোনো এজন পাষণ্ডকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

Comments (0)
Add Comment