এইয়া কেনেকুৱা প্ৰতিবাদ, ওপৰত কে .. তলৰ পৰা বেয়া শব্দঃ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ৰাজ্যজুৰি বিজেপিয়ে অব্যাহত ৰাখিছে শান্তি-সমদল । দেওবাৰে জালুকবাৰী সমষ্টিৰ শুৱালকুছিত বিজেপিৰ দ্বাৰা আয়োজিত শান্তি সমদলত অংশগ্ৰহণ কৰাৰ পাচতেই এক বিশাল জনসভাক সম্বোধন কৰে অসম চৰকাৰৰ বিত্ত, গড়কাপ্টানী আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, শংকৰ-মাধৱৰ অসমত আমাৰ আই মাতৃসকল আধ্যাত্মিক গুণ-গৰিমাৰে থকাৰ সময়তে এজন শিল্পীয়ে ভগৱান নামানো বুলি কোৱা কথাক প্ৰত্যুত্তৰ দিয়ে । তেওঁ উল্লেখ কৰে যে, অসমীয়া জাতি থকালৈকে শংকৰদেৱ আৰু কামাখ্যা মাক আমি স্মৰণ কৰিম , এইয়া আমাৰ জন্মস্বত্ব অধিকাৰ । প্ৰতিবাদৰ মাজতে কোনোবাই ক’লে বুলিয়ে অসমীয়া মানুহে ভগৱানক স্মৰণ নকৰাকৈ নাথাকে ।

‘কা’ বিৰোধী আন্দোলনত কোনো শিল্পীয়ে যেতিয়া ওপৰৰ পৰা কে বুলি ক’ব তেতিয়া আপোনালোকে তলৰ পৰা বেয়া শব্দ নক’ব , বৰঞ্চ মই ৰাম বুলি ক’ম আপোনালোকে কৃষ্ণ বুলি ক’ব অথবা শংকৰ ক’লে মাধৱ ক’ব বুলিও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কীৰ্তনঘোষা, নামঘোষা, ৰাম-কৃষ্ণ আৰু শংকৰ-মাধৱক লৈ চলিব অসম । শংকৰ-আজানফকীৰে শিকাই যোৱা বাণীৰে এতিয়া পৰিচালিত নহৈ অসমীয়া পৰিচালিত হৈছে এনেদেৰে যে – ওপৰৰ পৰা কোনোবাই কে বুলি ক’ব আৰু তলৰ পৰা উচ্চাৰিত হ’ব বেয়া শব্দ । এইদৰে অসমৰ এজন মহান শিল্পীৰ নাম উচ্চাৰিত নকৰাকৈ আক্ৰমণৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপিৰ পতাকাখন লৈ যাব পাৰিব কিন্তু কোটি কোটি মানুহৰ হৃদয়ত খোদিত হৈ থকা বিজেপিক কোনেও কাঢ়ি নিব নোৱাৰে বুলি কটাক্ষ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিগত সময়ত বিজেপিয়ে ভাড়াত মানুহ আনে বুলি উত্থাপিত হোৱা বিষয় সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে । ভাষণৰ মাজতে সকলোকে উদ্দেশ্যি কয় যে কোনোবা ইয়ালৈ ভাড়াত আহিছে নেকি ? তাৰ পাচতেই মন্ত্ৰীগৰাকীয়ে কয় সৰ্বানন্দ সোণোৱাল , ৰঞ্জিত দাস , হিমন্ত বিশ্ব শৰ্মা, অতুল বৰাক ভালপোৱাৰ বাবেহে মানুহ আহিছে ইয়ালৈ । আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক উদ্দেশ্যি কয় যে, আপোনালোকে সৰ্বানন্দ সোণোৱাল অথবা হিমন্ত বিশ্ব শৰ্মাক যিমান গালি পাৰে পাৰিব পাৰে কিন্তু ভুলটো নক’ব যে বিজেপিৰ সভাত ভাড়াত মানুহ আহে । যদি এজনো মানুহ এই সভালৈ ভাড়াত অহাৰ প্ৰমাণ দিব পাৰে তেন্তে আমি ৰাজনৈতিক জীৱন ত্যাগ কৰিম ।

ইফালে কা প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০১৪ চনলৈকে অসমলৈ অহা মাত্ৰ ২ অথবা ৩ লাখ মানুহক হে নাগৰিকত্ব দিয়া হ’ব । ২০১৪ প্ৰসংগ সন্দৰ্ভতো কয় যে, ২০১৪ লৈকে এই সীমা এইবাবেই ৰখা হৈছে যে ২০১৪ চনৰ পাচত অসমলৈ এজনো বাংলাদেশী আহিব পৰা নাই । নৰেন্দ্ৰ মোডীয়ে দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাচতে অসমলৈ আহিবলৈ সক্ষম হোৱা নাই এজনো বিদেশী । ১৯৭২ চনৰ পৰা কংগ্ৰেছৰ ভুলৰ বাবেই ভাৰতলৈ আহিছিল বহু বিদেশী । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লোৱাৰ পাচৰে পৰা ভাৰতত প্ৰৱেশৰ বাবে এজনো বাংলাদেশী সক্ষম হোৱা নাই বুলি কোৱাৰ লগতে কংগ্ৰেছৰ ভুলৰ বাবেই ভৱিষ্যতৰ স্বাৰ্থত এনে সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীজনে উল্লেখ কৰে ।

আন্দোলনৰ ফলত অসমে হেৰুৱা ৰাজহ আৰু পৰ্যটনৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । আন্দোলনৰ বাবে ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰে পৰা কাজিৰঙাৰ লগতে ৰাজ্যৰ অন্যান্য পৰ্যটনস্থলী সমূহলৈ অহা নাই এজনো দেশী-বিদেশী পৰ্যটক । আনকি গুৱাহাটীটো পদাৰ্পণ কৰা নাই পৰ্যটক । ইয়াৰ এই উদ্যোগৰে জড়িত লোকসকলৰ জীৱনলৈ আহি পৰিছে শংকা । আন্দোলন আৰু প্ৰতিবাদে স্তব্ধ কৰি তোলা পৰ্যটন উদ্যোগৰ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় , অসমৰ মানে চান্দা তুলি জীৱন নিৰ্বাহ কৰা নাই , অসমৰ মানুহে কঠোৰ পৰিশ্ৰমৰ অন্তত বাচি লৈছে উপাৰ্জনৰ পথ ।

BJPDR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment