এএছটিচিৰ বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান ৩০.৯২ টকা

কেগৰ প্ৰতিবেদনত উন্মোচিত পৰিবহণ নিগমৰ অনিয়ম । মাত্ৰ পাঁচ বছৰৰ ভিতৰতে লোকচানৰ পৰিমাণ বৃদ্ধি ৯৬৯.৯২ কোটি টকালৈ ।

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিবহণ লোকচান প্ৰতি কিলোমিটাৰত ৩০.৯২ টকা । অৰ্থাৎ নিগমৰ এখন বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান হয় প্ৰায় ৩১ টকা ।- এই বিস্ফোৰক তথ্য উন্মোচিত হৈছে ‘কেগ’ৰ প্ৰতিবেদনত । অসম বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে দাখিল কৰা নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ মতে, যোৱা পাঁচ বছৰত পৰিবহণ নিগমৰ লোকচানৰ পৰিমান ৭৩২.৮৫ কোটি টকাৰ পৰা ৯৬৯.৯২ কোটি টকা হয় । এই বৃদ্ধিৰ পৰিমান ৩২.৩৫ শতাংশ । এই লোকচানৰ কাৰকসমূহ আঁতৰ কৰিবলৈ বা সমাধানৰ বাবে কোনো দীৰ্ঘম্যাদি আঁচনি গ্ৰহণ নকৰাৰ বাবাই এই ধাৰাবাহিক লোকচানৰ সন্মুখীন হৈ আহিছে বুলি প্ৰতিবেদনত কোৱা হৈছে । ২০১৩-১৪ চনতে পুৰণা ব্যৱহাৰ অনুপযোগী বাছৰ সংখ্যা ২৮০ খন হোৱাৰ পাছতো ২০১৮ পৰ্যন্ত ৩১ খনবাছহে নিগমে বিক্ৰী কৰিবলৈ সক্ষম হয় আৰু ২৪৯ খন বাছ অব্যৱহৃত হৈ পৰি থাকিল । ‘কেগ’ৰ প্ৰতিবেদনখনত নিগমে সময়মতে পুৰণি বাছসমূহ বাতিল কৰিলে ৩.৭৮ কোটি টকা ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হ’লহেতেন বুলি কোৱা হৈছে । আনহাতে পৰিবহণ নিগমে সময়মতে আন্ত-গাঠনি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব পৰা নাছিল আৰু বাছৰ চলাচল নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰিবলৈ দক্ষতাপূৰ্ণ পৰিবহণ ব্যৱস্থাপনা পদ্ধতিৰ আঁচনি ৰূপায়নতো বিফল হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । মূলতঃ ব্যৱস্থাপনাৰ আসোঁৱাহ আৰু ব্যাপক অনিয়ম তথা পৰিকল্পনাহীনতাৰ বাবেই ধাৰাবাহিক লোকচানৰ সন্মুখীন হৈ আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম ।

ASTCFeatured