এছিয়াৰ প্ৰথমখন চিৰিয়াখানাত এতিয়া পক্ষীৰ কলকলনি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ শিৱসাগৰ জিলাত অৱস্থিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা এতিয়া পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে । স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালত ১৬৯৬ খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এছিয়াৰ এই প্ৰথম চিৰিয়াখানা খনেই হৈছে পহুগড়। স্বৰ্গদেউৱে ১৭ শতিকাতে জীৱ জন্তুৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি ৮ টা পথালি আৰু ১৬ টা থিয় গড় বিশিষ্ট পহুগড় নিৰ্মাণ কৰি গঁড়, হৰিণ, কুম্ভীৰ, বাঘ, হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৰ সংৰক্ষণ কৰিছিল বুলি ইতিহাসৰ পাতত লিপিবদ্ধ আছে ৷ কালক্ৰমত বহুকেইটা গড় ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে বৰ্তমান ৪ টা থিয় আৰু ৪ টা পথালি গড়ৰহে অৱশিষ্ট ৰৈছেগৈ ৷ মুঠ ৩৫০ বিঘা মাটিকালিত নিৰ্মাণ কৰা পহুগড়ৰ এক তৃতীয়াংশ ভূমি বৰ্তমান বেদখলকাৰীৰ কৱলত ৷

পৰ্যটকৰ আকৰ্ষণৰ পূৰ্ণ সম্ভাৱনা থকা এই পহুগড়ৰ ক্ষেত্ৰত চৰকাৰ তথা পৰ্যটনবিভাগে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই প্ৰয়োজনীয় ব্যৱস্থা । সম্প্ৰতি পহুগড়ৰ এই জলাশয় মুখৰিত হৈ আছে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ কাকলিৰে । দেওৰাজহাঁহ, ধৃতৰাজ, ভেলা, আকুহি বগ, চাইবেৰিয়ান পেলিকান, শৰালি, কাম চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণস্থলী পহুগড়ে আশাৰ বতৰা কঢ়িয়াই আনিছে প্ৰকৃতিপ্ৰেমীৰ বাবে ।

ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই যোৱা ২৮ অক্টোবৰত জাৰি কৰা এক আদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইন,১৯৭৩ৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ পহুগড় অঞ্চলত বনভোজ, অবৈধভাৱে মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য্য নিষিদ্ধ কৰিছে। এনে কাৰ্যই পৰিভ্ৰমী পক্ষীবিলাকক অধিক সুৰক্ষা প্ৰদান কৰিব ।

Featured
Comments (0)
Add Comment