এনআৰএলৰ মূল কার্যালয়, প্রশাসনিক ভৱন বন্ধ

নিয়মীয়া বার্তা, ২১ মাৰ্চঃ নুমলীগড় শোধনাগাৰেও ক’ৰোনাৰ প্রভাৱৰ পৰা শোধনাগাৰটোক মুক্ত কৰাৰ লক্ষ্যৰে ব্যাপক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে ৷ দৈনিক বহু লোকৰ সমাগম হোৱাত এন আৰ এলতো মহাব্যাধিৰ প্রভাৱ পৰাৰ আশংকা কৰি শুকুৰবাৰৰ পৰা নুমলীগড়স্থিত মুখ্য প্রশাসনিক কার্যালয় বন্ধ কৰি ইয়াৰ পৰিৱর্তে নগৰাঞ্চলত এটা অস্থায়ী কার্যালয় স্থাপন কৰিছে ৷ শোধনাগাৰটোৰ মানৱ সম্পদ তথা প্রশাসনিক বিভাগ, বাণিজ্যিক বিভাগ আৰু বিত্ত বিভাগে শুকুৰবাৰৰ পৰা বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে নগৰাঞ্চলৰ পৰা শোধনাগাৰটোৰ যাৱতীয় কাম–কাজ অব্যাহত ৰাখিছে ৷ কেৱল শোধনাগাৰটোৰ উৎপাদন আৰু অপাৰেচন বিভাগৰ জৰুৰী সেৱাসমূহৰ কর্মৰত বিষয়া–কর্মচাৰীৰ বাহিৰে বাকী সকলো লোকৰ প্রৱেশত প্রতিবন্ধকতা জাৰি কৰিছে শোধনাগাৰ কর্তৃপক্ষই ৷

ইপিনে, শোধনাগাৰটোৰ ব্যস্ততাপূর্ণ মার্কেটিং টার্মিনেল সম্পূর্ণৰূপে বন্ধ থাকে ৷ অৱশ্যে কর্তৃপক্ষই বন্ধ ঘোষণা নকৰোতেই নিতৌ সহস্রাধিক চালক–খালাচীৰ সমাগম ঘটা মার্কেটিং টার্মিনেলৰ পৰা স্থানীয় অঞ্চলত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটাৰ আশংকা কৰি একাংশ লোকে মার্কেটিং টার্মিনেল বন্ধ কৰি দিয়ে ৷ উত্তৰ–পূর্বাঞ্চলৰ উপৰি গুজৰাট, উত্তৰপ্রদেশ আদি দেশৰ বিভিন্ন প্রান্তলৈ তৈল সামগ্রী সৰবৰাহ কৰা এন আৰ এলৰ লগতে ভাৰত পেট্র’লিয়ামৰ টেংকাৰ আৰু অন্যান্য সামগ্রী সৰবৰাহ কৰা পৰিবহণ কর্মীসকলেও এই বন্ধৰ প্রতি সমর্থন আগবঢ়ায় ৷ ইয়াৰ ফলত শুকুৰবাৰৰ পৰা এন আৰ এলৰ উৎপাদিত তৈল সামগ্রী সৰবৰাহ বন্ধ হৈ পৰে ৷ আনহাতে, পেট্র’ল উৎপাদনৰ বাবে বিদেশৰ পৰা আমদানি কৰা ৰাসায়নিক পদার্থ সৰবৰাহ কৰা টেংকাৰসমূহো বন্ধ হৈ আছে ৷ বিদেশৰ পৰা ৰাসায়নিক পদার্থ কঢ়িয়াই অনা এখন জাহাজ ক’ৰোনাৰ বাবেই বন্দৰত কাষ চাপিবলৈ পশ্চিমবংগৰ জনসাধাৰণে বাধা আৰোপ কৰাত উক্ত ৰাসায়নিক সামগ্রী এন আৰ এললৈ আনিবলৈ যোৱা একাংশ নুমলীগড়ৰ টেংকাৰ কলকাতাত আবদ্ধ হৈ পৰাৰ সংবাদ পোৱা গৈছে ৷

আনহাতে, নুমলীগড় শোধনাগাৰ প্রকল্প সম্প্রসাৰণক লৈ অব্যাহত থকা প্রকল্পৰ কামসমূহো কর্তৃপক্ষই বন্ধ ঘোষণা কৰিছে ৷ শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ উপ–মহাপ্রবন্ধক মিণ্টু কুমাৰ সন্দিকৈয়ে সাংবাদিকক জনোৱা মতে, ক’ৰোনা ভাইৰাছৰ দুর্যোগৰ কবলৰ পৰা শোধনাগাৰৰ বিষয়া–কর্মচাৰীৰ উপৰি স্থানীয় অঞ্চলত প্রয়োজনীয়তা প্রতিৰোধ ব্যৱস্থা গ্রহণৰ ক্ষেত্রত শোধনাগাৰটোৱে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ নির্দেশনাৰ ভিত্তিত দায়বদ্ধতাৰে কাম কৰি যাব ৷

Comments (0)
Add Comment