এনডিএফবিৰে শান্তি চুক্তিৰ নামত মানি নলওঁ অসম বিভাজন

কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ এন ডি এফ বি আৰু কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱিত শান্তি চুক্তিক লৈ সৰৱ হৈ পৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া ৷ সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি সাংসদগৰাকীয়ে কয় যে যিসকল উগ্রপন্থী ম্যানমাৰৰ পৰা উভতি আহিছে, তেওঁলোকক স্বাগতম । কিন্তু একে সময়তে ভাৰত চৰকাৰক ক’ব বিচাৰিছোঁ যে যিসকলৰ বিৰুদ্ধে হত্যা–হিংসাত জড়িত থকাৰ অভিযোগত এন আই এৰ গোচৰ চলি আছে, তেওঁলোকক যাতে হাগ্রামা মহিলাৰীৰ নিচিনাকৈ এই গোচৰসমূহৰ পৰা ৰেহাই দিয়া নহয় ৷ কাৰণ বহু জঘন্য হত্যাকাণ্ড আৰু হিংসাত্মক কার্যকলাপত এই উগ্রপন্থী সদস্যসকল জড়িত হৈ আছে ৷

সাংসদগৰাকীয়ে লগতে কয় যে এন ডি এফ বিৰে শান্তি চুক্তিৰ নামত অসম বিভাজনৰ চক্রান্ত কোনোপধ্যে মানি লোৱা নহ’ব ৷ কাৰণ ইউ টি চি হ’ব প্রস্তাৱিত বড়োলেণ্ডৰ দিশে এটা ঢ়াপ৷ যদিহে ইউ টি চিক কার্যপালিকা, ন্যায়পালিকাৰ লগতে অর্থনৈতিক স্বাধীনতা প্রদান কৰা হয়, তেনেহ’লে অসমৰ বিভাজন হ’বলৈ আৰু একো বাকী নাথাকিব৷ এই শান্তি চুক্তিক লৈ আশংকা ব্যক্ত কৰি শৰণীয়াই এইদৰে কয়– ‘বিটিচি গঠন হোৱা সময়ত ২০০৩ চনলৈকে বিটিচিত থকা সকলো লোকক সংৰক্ষিত শ্রেণী হিচাপে গণ্য কৰি ভূমিৰ অধিকাৰ দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল৷ কিন্তু সেয়া এতিয়ালৈকে কার্যকৰী নহ’ল ৷ এতিয়া ইউ টি চি গঠন হোৱাৰ সময়ত এই লোকসকলৰ যাতে সম্পত্তিৰ অধিকাৰ সুৰক্ষিত থাকে, সেয়া নিশ্চিত কৰিব লাগিব ৷ তদুপৰি প্রস্তাৱিত ইউ টি চিত বর্তমানৰ বিটিচিৰ চাৰিখন জিলাৰ পৰা ৯খন জিলালৈ সম্প্রসাৰিত কৰাৰ কথা চলি আছে৷ হয়তো নলবাৰী, শোণিতপুৰ, লখিমপুৰ, ধেমাজি আদি জিলাৰ বহু গাঁও এই ইউ টি চিত অন্তর্ভুক্ত হ’ব ৷ কিন্তু ৫০ শতাংশতকৈ কম বড়ো জনসংখ্যা থকা গাঁৱক এই ইউ টি চিত অন্তর্ভুক্ত কৰিবলৈ দিয়া নহ’ব ৷’

তেওঁ বিটিচিত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰা কার্যৰ তীব্র বিৰোধিতা কৰি কয় যে বিটিচিত অসমীয়াক সহযোগী ভাষা হিচাপে নহয়, বড়ো ভাষাৰ দৰেই প্রথম ভাষা হিচাপে মর্যাদা দিয়ক ৷ নহ’লে পৰিস্থিতি বিষম হ’ব ৷ কিয়নো বিটিচিত ৮১ শতাংশ লোকেই অসমীয়া ভাষা ব্যৱহাৰ কৰে ৷ গতিকে তাত অসমীয়া কেতিয়াও সহযোগী বা দ্বিতীয় ভাষা হ’ব নোৱাৰে ৷ আনকি বড়ো সংগঠনসমূহেও কেতিয়াও এই দাবী কৰা নাই ৷ তেওঁলোকৰ দাবী বড়ো ভাষাৰ বাবে এটা পৃথক সঞ্চালকালয় স্থাপন কৰাহে ৷ চৰকাৰে এই দাবী পূৰণ নকৰি অসমীয়াক সহযোগী ভাষা হিচাপে ঘোষণা কৰা কার্যৰ তীব্র বিৰোধিতা কৰি সাংসদ নৱ শৰণীয়াই এই সিদ্ধান্ত শীঘ্রে বাতিল কৰাৰ দাবী জনায়৷ তেওঁৰ মতে শান্তি আলোচনাৰ নামত বিটিচিৰ নির্বাচন পিছুওৱাৰ চক্রান্ত কৰা হৈছে৷ চাওৰাইগৌৰা, ধীৰেন বড়োক লৈ ছমাহৰ বাবে এখন অন্তর্ৱর্তীকালীন চৰকাৰ গঠনৰ কুচকাৱাজ কৰিছে৷ কাৰণ বি পি এফত এতিয়া হাগ্রামা মহিলাৰী আৰু চন্দন ব্রহ্মৰ মাজৰ সংঘাত তুংগত উঠিছে৷ দলটোত দুটা শিবিৰৰ সৃষ্টি হৈছে৷ সেই বাবেই সদ্যসমাপ্ত দৈজিং উৎসৱত মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রী যোৱাৰ সময়ত হাগ্রামা মহিলাৰী উপস্থিত নাথাকিল ৷ সেই বাবেই ভয় খাই হাগ্রামা মহিলাৰীয়ে নির্বাচন পিছুৱাবৰ বাবে কূটকৌশল কৰিছে৷ কিন্তু এয়া ২০২০ চন, ২০০৩ নহয়৷ ২০০৩ চনৰ দৰে আকৌ এবাৰ বিটিচিৰ জনসাধাৰণক প্রতাৰণা কৰিলে পৰিণতি বিষম হ’ব বুলি সাংসদগৰাকীয়ে সকীয়াই দিয়ে৷ আনহাতে, ‘কা’ৰ বিনিময়ত হাগ্রামা মহিলাৰীয়ে কেন্দ্রীয় চৰকাৰৰ সৈতে দৰ–দাম কৰি থকা বুলি উল্লেখ কৰি শৰণীয়াই কয় যে এন ডি এফ বি আলোচনাৰ মজিয়ালৈ অহাত হাগ্রামা মহিলাৰীৰ কোনো ভূমিকা নাই৷ এতিয়া ৰাজনৈতিক সুবিধা ল’বৰ বাবেহে মধ্যস্থতাকাৰী বুলি যহাই ফুৰিছে৷ ক্ষমতা হেৰুওৱাৰ ভয়ত তেওঁ এতিয়া নির্বাচন পিছুওৱাৰ চক্রান্ত কৰিছে৷ কোকৰাঝাৰৰ সাংসদগৰাকীয়ে ইউ টি চি গঠনৰ পূর্বে কোচ ৰাজবংশী আৰু অন্যান্য জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ মীমাংসা কৰাৰ লগতে যুদ্ধবিৰতিত থকা আন আন সংগঠনসমূহৰ সৈতেও চুক্তি স্বাক্ষৰ কৰিবলৈ দাবী জনায় ৷

ইফালে, পৰিষদত চলি থকা বিয়াগোম দুর্নীতিৰ প্রসংগ উল্লেখ কৰি নৱ শৰণীয়াই কয় যে বিটিচিত উন্নয়নৰ নামত প্রকৃততে মধ্যভোগীহে লাভান্বিত হৈছে৷ শেহতীয়াকৈ বিটিচি প্রশাসনে ট্রাইবেল ছাব–প্লেনৰ অধীনত ৪৪২ কোটি টকাৰ ৪৯খন আঁচনিৰ ৱর্ক অর্ডাৰ দিলে৷ সেইমর্মে ঠিকাদাৰসকলে কামো কৰি গ’ল৷ কিন্তু ঠিকাদাৰে আজিলৈকে ঠিকাৰ ধন নাপালে৷ আচলতে এখন ভুৱা পত্রৰ আধাৰত এই ৱর্ক অর্ডাৰ দিয়া হৈছিল৷ এনেধৰণৰ ব্যাপক দুর্নীতি বিটিচিত প্রতিনিয়ত সংঘটিত হৈ আছে৷ কিন্তু ধনৰ অপপ্রয়োগ সন্দর্ভত তদন্ত কৰোঁতা কোনো নাই৷ চৰকাৰী নির্দেশৰ পাছতো ‘দিশা’ কমিটী গঠন কৰা নাই৷ দিল্লীৰ পৰা বিভাগীয় তদন্তকাৰী দল আহিলে তেওঁলোকক ভোজভাত খুৱাই মেনেজ কৰি লয়৷ এই দুর্নীতি ফাদিল হ’লে বিটিচিৰ বহু নেতা জে’ললৈ যাব লাগিব বুলি উল্লেখ কৰি নৱ শৰণীয়াই কয় যে অসমত এতিয়া বিকল্প ৰাজনীতিৰ আলোচনা হৈ আছে৷ তাৰ সূচনা হ’ব অহা বিটিচি নির্বাচনৰ পৰা৷ বিটিচিত পৰিৱর্তনৰ আগজাননী এতিয়াই স্পষ্ট হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷

Featured
Comments (0)
Add Comment