এনডিএফবিৰ চাৰিওটা গোটে গঠন কৰিব ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতেই এতিয়া বিটিআৰত গঠন হ’ব নতুন ৰাজনৈতিক দল । এনডিএফবিৰ চাৰিওটা গোটে এককভাৱে গঠন কৰিব এই বিশেষ ৰাজনৈতিক দলটো । ইয়াৰ বাবে ১২ ফেব্ৰুৱৰীত তামুলপুৰত আয়োজন কৰা হৈছে এক সন্মিলনৰ । এই সন্মিলনতে একেলগে বহিব চাৰিওটা গোটৰ নেতা-কেডাৰসকল ।

ইফালে , এই নতুন ৰাজনৈতিক দল গঠনে আগন্তুক বিটিচি নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি কয় বিপিএফ প্ৰধান হাগ্ৰাম মহিলাৰীয়ে । এই নিৰ্বাচনতো বিপিএফেই জয়ী হ’ব বুলিও মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে । ইয়াৰোপৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিপিএফ প্ৰধানগৰাকীয়ে বিজেপি , অগপ আৰু বিপিএফ মিত্ৰজোঁটে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি চৰকাৰ গঠন কৰিব বুলি কয় ।

Featured
Comments (0)
Add Comment