ওদালগুৰিৰ জন্মান্ধ সঞ্জীৱে দেখুৱাইছে আদর্শঃ দিব্যাংগ বিদ্যালয় স্থাপন কৰি দিছে পাঠদান

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পৃথিৱীৰ পোহৰ দেখি নোপোৱা আৰু ক’লা–বগা–ৰঙা–নীলা আদি কোনো ৰঙৰ পার্থক্য বুজি নোপোৱা এজন বিশেষভাৱে সক্ষম লোক ৷ নাম তেওঁৰ সঞ্জীৱ দাস ৷ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তর্গত কৌপাটি নেপালী গাঁৱৰ এটি দৰিদ্র পৰিয়ালৰ সন্তান সঞ্জীৱ দাসে জন্মৰে পৰা দুয়োটা চকুৰে দেখা নাপায়৷ দৰিদ্রতাৰ কৰাল গ্রাসত পৰা পৰিয়ালটোৱে জন্মান্ধ সঞ্জীৱক গুৱাহাটীৰ অন্ধ বিদ্যালয়ত নামভর্তি কৰোৱাত তাতেই ব্রেইল পদ্ধতিৰে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে অধ্যয়ন কৰিছিল৷ তাৰ পিছত তেওঁ উত্তৰ প্রদেশৰ এজন বন্ধুৰ সহায়ত দিল্লীলৈ গৈ তাতেই উচ্চ শিক্ষা গ্রহণ কৰিছিল৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত এখন মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্রী লৈ জন্মগাঁৱলৈ উভতি আহি গ্রহণ কৰিলে এক প্রশংসনীয় পদক্ষেপ৷ অঞ্চলটোৰ লগতে জিলাখনৰ বিভিন্ন প্রান্তৰ অন্ধ তথা বিশেষভাৱে সক্ষম ব্যক্তিসকলক শিক্ষাদানৰ উদ্দেশ্যে স্থাপন কৰিলে এখন বিশেষভাৱে সক্ষম লোকৰ বিদ্যালয়৷ যিখন বিদ্যালয়ত দিব্যাংগসকলৰ লগতে বয়োজ্যেষ্ঠ নিৰক্ষৰ লোকক সাক্ষৰ কৰি তোলাৰ এক অভিযান আৰম্ভ কৰিলে সঞ্জীৱ দাসে৷ জন্মান্ধ হিচাপেই জন্মগ্রহণ কৰি এই পৃথিৱীৰ পোহৰ দেখা নাপালেও আন এশজনক শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে সঞ্জীৱ দাসে গ্রহণ কৰা পদক্ষেপক সকলোৱে আন্তৰিকতাৰে আদৰণি জনায় আৰু তেওঁক বিদ্যালয় নির্মাণ তথা পৰিচালনাৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছে৷ বিদ্যালয় নির্মাণৰ বাবে অঞ্চলটোৰেই গোপাল সৰকাৰ নামৰ এগৰাকী লোকে ডেৰ বিঘা মাটি দান দিয়াৰ উপৰি অঞ্চলটোৰ হূদয়ৱান লোকে বিদ্যালয় গৃহ নির্মাণৰ বাবে আর্থিক অনুদান দি এখন বাঁহৰ বেৰৰ তিনি কোঠালিৰ বিদ্যালয় গৃহ নির্মাণৰ লগতে কিছু আন্তঃগাঁথনিৰো ব্যৱস্থা কৰা হৈছে৷ সঞ্জীৱ দাসৰ এই পদক্ষেপ দেখি ৱর্ক উইচ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনেও বিদ্যালয়খন পৰিচালনাৰ বাবে কিছু সহায় আগবঢ়োৱাৰ লগতে আন্তঃগাঁথনিৰো ব্যৱস্থা কৰিছে৷ বর্তমান প্রায় ৪০জন বিশেষভাৱে সক্ষম লোক আৰু অঞ্চলটোৰ নিৰক্ষৰ বয়োজ্যেষ্ঠ লোকসকলেও বিদ্যালয়খনত অধ্যয়ন কৰি আছে৷ সঞ্জীৱ দাসে ব্রেইল পদ্ধতিৰে অন্ধ লোকসকলক শিক্ষাদানৰ লগতে বিদ্যালয়খনত আৰু এজন শিক্ষকৰ সহায়ত বয়োজ্যেষ্ঠ লোকসকলকো সাক্ষৰ কৰি তোলাৰ এক অভিযান আৰম্ভ কৰিছে৷ বিদ্যালয় প্রতিষ্ঠা সম্পর্কত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সঞ্জীৱ দাসে কয়– বিশেষভাৱে সক্ষম লোকসকলৰ মাজতো বিভিন্ন প্রতিভা লুকাই থাকে, কিন্তু সেই প্রতিভা বিকাশৰ সুযোগ বহু লোকে নাপায়৷ প্রতিবন্ধী বুলি সদায় তেওঁলোক সমাজৰ পুতৌৰ পাত্র হ’বলগীয়া হয়৷ কিন্তু উপযুক্ত শিক্ষা–দীক্ষা আৰু সুযোগ–সুবিধা পালে তেওঁলোকেও আন হাজাৰজন লোকৰ দৰে স্বাভাৱিক জীৱন যাপন কৰাৰ লগতে সকলো কাম সুকলমে কৰিব পাৰে৷ সমাজৰ পৰা লাঞ্ছিত–বঞ্চিত আৰু শিক্ষাৰ অধিকাৰৰ পৰাও বঞ্চিত লোকসকলক একত্রিত কৰি তেওঁলোকৰ সুপ্ত প্রতিভা বিকাশৰ লগতে স্বাভাৱিকভাৱেই জীৱন যাপন কৰিবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে উক্ত বিদ্যালয়খন প্রতিষ্ঠা কৰা হৈছে৷ কিন্তু প্রতিষ্ঠা কালৰ পৰা আজিলৈকে বিদ্যালয়খনে চৰকাৰৰ পৰা কোনো অনুদান লাভ নকৰাত ক্ষোভ ব্যক্ত কৰে সঞ্জীৱ দাসে৷ সমগ্র দেশখনতেই চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে সকলো ক্ষেত্রতেই সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও গাঁৱে–ভূঞে দুখীয়া–দৰিদ্র পৰিয়ালত জন্মগ্রহণ কৰা বিশেষভাৱে সক্ষম লোকসকলক এই সংৰক্ষণ ব্যৱস্থা তথা চৰকাৰী আঁচনিয়ে ঢুকি নাপায়৷ সেইবাবেই অনেক চৰকাৰী আঁচনি থকাৰ পিছতো গাঁৱে–ভূঞে থকা বিশেষভাৱে সক্ষম লোকসকল আজিও বিভিন্ন দিশৰ পৰা বঞ্চিত–লাঞ্ছিত আৰু অৱহেলিত বুলি আক্ষেপ প্রকাশ কৰি চৰকাৰক এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে জন্মান্ধ শিক্ষক সঞ্জীৱ দাসে ৷

Featured