কংগ্রেছৰে মিত্রতা কৰি ৭ সমষ্টিত এআইইউডিএফৰ প্রার্থিত্ব

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ৰাজ্যসভা নির্বাচনক কেন্দ্র কৰি মিত্রতাপাশত আবদ্ধ হোৱা কংগ্রেছ আৰু এআইইউডিএফে বিটিচি নির্বাচনত মুঠ ২০টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়ালে ৷ কংগ্রেছে ১৩টা সমষ্টিত নির্বাচনত অৱতীর্ণ হোৱাৰ বিপৰীতে এআইইউডিএফে ৭টা সমষ্টিত প্রার্থিত্ব দিলে ৷ কংগ্রেছ আৰু এআইউডিএফে আজি এখন যুটীয়া সংবাদ মেলত এই কথা প্রকাশ কৰে ৷ এআইইউডিএফে পর্বতঝোৰা সমষ্টিত দিলীপ কুমাৰ ব্রহ্ম, ফকিৰাগ্রাম সমষ্টিত আনোৱাৰ হুছেইন, থুৰীবাৰী সমষ্টিত খলিলুৰ ৰহমান, মথনগুৰি সমষ্টিত ফাৰছাদ হুছেইন, ধনশ্রী সমষ্টিত মিঠাৰাম বসুমতাৰী, মুদৈবড়ি সমষ্টিত ৱাছিম আক্রাম ছিদ্দিকীক প্রার্থিত্ব দিছে ৷ আন এটা সমষ্টিৰ প্রার্থীৰ নাম নিশাৰ ভাগলৈ প্রকাশ কৰা হ’ব বুলি সদৰী কৰে ৷

Comments (0)
Add Comment