কঠীয়াতলীত ক’ৰোনাৰ ত্ৰাসৰ মাজতো বাতৰিকাকত যোগান অব্যাহত আব্দুল ছহিদৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ  পুৱা ৬.৩০ বজাৰ পৰা ৰদ, বৰষুণ আওকাণ কৰি পুৰণি বাইকখনত বাতৰি কাকতৰ টোপোলা লৈ ঘৰে ঘৰে বাতৰি কাকত দি অহা কঠীয়াতলীৰ হকাৰ আব্দুল ছহিদে
ক’ৰোনাৰ সন্ত্ৰাসৰ মাজতে নিজৰ জীৱনৰ তুচ্ছ কৰি অবিৰতভাৱে বাতৰি কাকত বিতৰণ তৰি আহিছে তাৰ বাবে পঢ়ুৱৈ সমাজে তেওঁক কৃতজ্ঞতা জনাইছে। ২০০৯ চনত শিক্ষক সাংবাদিক ঘনকান্ত বৰাৰ অনুপ্ৰেৰণাত আব্দুল ছহিদে প্ৰথমে নগাঁৱৰ পৰা প্ৰকাশিত কাকতৰে
আৰম্ভ কৰিছিল হকাৰৰ জীৱন। পৰৱৰ্তী সময়ত শংকৰজ্যোতি, গণ অধিকাৰ, গণজীৱন, আমি অসমৰ জণগণ চাইকেল লৈ বিতৰণৰ ব্যৱস্থা কৰে। বৰ্তমান তেওঁ এখন পুৰণি বাইক কিনি ৫০ খন নিয়মীয়া বাৰ্তা, ২১ খন অসমীয়া খবৰ, ২৯ খন অসমীয়া প্ৰতিদিন, ১৯ খন অগ্ৰদূত, ৬ খন আমাৰ অসম, ১৯ আছাম ট্ৰিবিউনৰ লগতে কেইবাখনো আলোচনী নিয়মীয়াকৈ গ্ৰাহক সকলক
যোগান ধৰি আহিছে। ছহিদে পুৱা ৬টা বজাতহে নগাঁৱৰ প্ৰতিষ্ঠিত বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান ৰুমী ৰূপকৰ পৰা প্ৰেৰণ কৰা বাতৰি কাকত সমূহ চিৰাংপট্টিতেই সংগ্ৰহ কৰি বিতৰণৰ ব্যৱস্থা কৰে। এতিয়া পুৱাতেই ছহিদৰ মটৰচাইকেলৰ মাত শুনি ওলাই অহা গ্ৰাহকসকল হ’ল কঠিয়াতলী, শগুবাহী, কন্দলী, ৰাঙলু, গমাৰীআটী, চিৰাংপট্টী, জুমৰমূৰ আৰু নিজ কঠীয়াতলীৰ। এতিয়া
ছহিদ অঞ্চলটোৰ পৰিচিত ব্যক্তি হৈ পৰিল বাতৰি যোগানৰ জৰিয়তে। ক’ৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকাত কিছু কিছু লোকে উৰা বাতৰি, পুৱা প্ৰচাৰ আৰু বৈজ্ঞানিক চিন্তাচৰ্চা নকৰাকৈ কাকত পঢ়া বাদ দিছিল যদিও সাংবাদিক ঘনকান্ত বৰাৰ চেষ্টা-যত্নত এই দুৰ্যোগপূৰ্ণ সময়তে ছহিদে বাতৰি সমূহ মানুহৰ ঘৰে ঘৰে দি আহিছে। গূহবন্দী হৈ থকা গ্ৰাহকসকলে বাতৰিসমূহ ঘৰতে পঢ়িবলৈ পাই থকাত হকাৰজনক ধন্যবাদ জনাইছে।

Comments (0)
Add Comment