কঠোৰ তদাৰকী ব্যৱস্থাৰে আজিৰ পৰা পৰা উঃ মাধ্যমিক চূড়ান্ত পৰীক্ষা

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ সকলো উৎকণ্ঠাৰ অন্তত আজি পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান,বাণিজ্য শাখাৰ চূডান্ত পৰীক্ষা৷বুধবাৰে পুৱা ৯বজাত ইংৰাজী বিষয়ৰ প্রশ্ণকাকতেৰে আৰম্ভ হ’ব ২০২০ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূডান্ত পৰীক্ষা৷ এইবাৰ তিনিতৰপীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা৷ ইতিমধ্যে কেন্দ্র নিৰীক্ষক, ছুপাৰভাইজিং বিষয়া, সহকাৰী পৰীক্ষা নিৰীক্ষকক অতিৰিক্ত দায়িত্ব অর্পণ কৰিছে শিক্ষা সংসদে৷ আনহাতে দ্বিতীয়বাৰৰ বাবে চাইবাৰ চেলে শিক্ষা সংসদৰ কার্যালয়ৰ পৰা তদাৰক কৰিব পৰীক্ষা৷ যাৰ বাবে শিক্ষা সংসদৰ কার্যালয়ত স্থাপন কৰা হৈছে এটা চাইবাৰ চেল৷ যিটো চেলে নিয়ন্ত্রণ কৰিব অৱসৰপ্রাপ্ত আই পি এছ বিষয়া আজিজ হাজৰিকাই৷ আনহাতে, এই চাইবাৰ চেলৰ প্রধান কাম হ’ব কোনোবাই যদি ম’বাইলত ফটো মাৰি প্রশ্ণকাকত ফাদিল কৰে, তেন্তে মুহূর্ততে ধৰা পেলাৱা৷ কেৱল পৰীক্ষার্থীয়ে নহয়, কেন্দ্রত নিৰীক্ষকে ম’বাইল নিব নোৱাৰিব বুলি পুনৰ স্পষ্ট কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে৷ অর্থাৎ কেন্দ্রত ম’বাইল নিলেই ধৰা পেলাব চাইবাৰ চেলটোৱে৷ শিক্ষার্থীৰ লগতে নিৰীক্ষকে মবাইল ব্যৱহাৰ কৰিলে তেনে নিৰীক্ষককো নিলম্বন কৰিব বুলি সকীয়নি প্রদান কৰিছে শিক্ষা সংসদে৷ ইফালে, পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰবাবে সকলোৰে সহায়–সহযোগিতা কামনা কৰিছে শিক্ষা সংসদে৷ উল্লেখ্য যে এইবাৰ সর্বমুঠ ২,৩৪,৮০৯গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ইয়াৰে কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী,বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত ৮৬৮গৰাকী পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ সর্বমুঠ ৭৭২টা কেন্দ্রত অনুষ্ঠিত হ’ব পৰীক্ষা৷

Featured
Comments (0)
Add Comment