কণমানি শিশুক যৌন নির্যাতনক লৈ চলচলিত উত্তেজনা

নিয়মীয়া বার্তা, ৯ ফেব্রুৱাৰীঃ নগাঁৱৰ পুৰণিগুদাম চলচলি অঞ্চলত শিশুক যৌন নির্যাতন চলোৱাক কেন্দ্র কৰি শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এগৰাকী নাবালিকাক পঞ্চাশৰো ঊর্ধ্বৰ পুতুল আলী নামৰ এজন লোকে যৌন নির্যাতন চলায় ৷ পিছত ঘটনাৰ বিষয়ে অৱগত হৈ স্থানীয় ৰাইজে অভিযুক্ত পুতুল আলীক খুঁটাত বান্ধি উত্তম–মধ্যম শোধায় ৷ পুতুল আলীয়ে কণমানি নাবালিকাগৰাকীক টেঙা খুওৱাৰ প্রলোভনেৰে যৌন নির্যাতন চলায় ৷ পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে অভিযুক্ত পুতুল আলীক গ্রেপ্তাৰ কৰে ৷

Comments (0)
Add Comment