কবি–সাহিত্যিকৰ উপস্থিতিত প্রাণৱন্ত সাহিত্য সভাৰ অধিৱেশন

আজি দায়িত্ব ল'ব নব নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াই

শুৱালকুছিৰ জ্যোতিক্ষেত্ৰৰ পৰা দিলীপ মেধি

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ শব্দ অনন্ত,শাশ্বত, চিৰপ্ৰৱাহমান। পৃথিৱীৰ জন্মতে শব্দৰ সৃষ্টি। শব্দৰ মৃত্যু নাই। বেলি নোহোৱা হ’লেও শব্দই পোহৰ দিব৷ এই শব্দৰেই সজোৱা হয় কবিতা৷ কবিতাৰ শব্দই কবিসকলক জ্যোতিষ্মান কৰি তোলে৷ কবিতাৰ মূল উপাদানেই হ’ল শব্দ৷ –এই মন্তব্য বিশিষ্ট সাহিত্যিক মীৰা ঠাকুৰৰ৷ অগণন সাহিত্যপ্রেমীৰ উপস্থিতিত উদুলি–মুদুলি অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ অতুল চন্দ্র বৰুৱা মঞ্চত অনুষ্ঠিত নিজৰা কবি শৈলধৰ ৰাজখোৱা সোঁৱৰণী কবি সন্মিলন আৰু বঁটা প্রদান অনুষ্ঠানত পৌৰোহিত্য কৰি তেওঁ কবিসকলক চিত্রকৰৰ সৈতে তুলনা কৰে৷ ঠাকুৰে কয় যে সমাজৰ ঘাত–প্রতিঘাত, সুখ–দুখ এই সকলো কবিসকলে কবিতাৰ জৰিয়তে প্রকাশ কৰি আহিছে৷ কবি সন্মিলন উদ্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সাহিত্যৰ মূল উপাদান কবিতা বুলি উল্লেখ কৰি কবিসকলক কবিতাৰ জৰিয়তে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিক সঠিক দিশত আগবঢ়াই নিবলৈ আহ্বান জনায়৷ আদৰণী সমিতিৰ কার্যকৰী সভাপতি তথা কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই সংস্কৃতি আৰু সংস্কাৰৰ খনি হিচাপে পৰিচিত বস্ত্রনগৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনে অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ এক নতুন বার্তা কঢ়িয়াই অনাৰ আশা প্রকাশ কৰে৷ শিল্পী, সাহিত্যিক, কবি আৰু সাহিত্যানুৰাগীৰ উপস্থিতিয়ে শুৱালকুছিবাসীক ধন্য কৰিছে বুুলি তেওঁ উল্লেখ কৰে৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ বঁটাপ্রাপ্ত বিশিষ্ট কবি দেৱপ্রসাদ তালুকদাৰক নগদ ১২,০০০ টকা, গামোচা আৰু এখন প্রশস্তি–পত্রৰে সম্বর্ধনা জনোৱা হয়৷ সম্বর্ধনা গ্রহণ কৰি তেওঁ ‘পানী ৰাম পানী ৰাম’ শীর্ষক এটি কবিতা পাঠ কৰি উপস্থিত ৰাইজক আকর্ষিত কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ড০ মঞ্জুমালা দাসে কবিসকলক উৎসাহিত কৰি এক তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়৷ সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে প্রেমনাৰায়ণ নাথ, গুণীন্দ্র গায়ন, জীৱন নৰহ আৰু মৃণালিনী দেৱী৷ তেওঁলোকে আধুনিক কবিতা সন্দর্ভত কিছু বক্তব্য আগবঢ়ায়৷ অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি মৃণালিনী দেৱীয়ে এটি কবিতা পাঠ কৰি ৰাইজক আকর্ষিত কৰে৷

কবিতাই সাহিত্যক প্রাণৱন্ত কৰা বুলিও তেওঁ দোহাৰে৷ সন্মিলনত আমন্ত্রিত কবিসকলৰ ভিতৰত আছিল কামাল উদ্দিন আহমেদ, সমীৰ তাঁতী, পূর্ণ ভট্টাচার্য, কমল কুমাৰ জৈন, অলকেশ কলিতা, নিবেদন দাস, বিৰিঞ্চি ৰাভা, বিপুল দেউৰী, সঞ্জয় কুমাৰ তাঁতী, ৰণজিৎ পাটগিৰি, ড০ ইভা দত্ত, জয়ন্ত ৰাজবংশী, আৰমিদা আহমেদ, স্নেহজোনাক দত্ত, জুলি বৰুৱা আদি৷ ইফালে পুৱা ৯ বজাত অস্থায়ী নমঘৰ উদ্বোধন কৰি উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন গোস্বামীয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সত্র–নামঘৰ স্থাপন কৰি ভাতৃত্ববোধৰ উদাহৰণ দাঙি ধৰি থৈ গৈছে বুলি উল্লেখ কৰে৷ সত্র–নামঘৰে অসমীয়া জাতি গঠনত এক বলিষ্ঠ ভূমিকা পালন কৰিছে বুলি তেওঁ কয়৷ তেওঁ অসম সাহিত্য সভাই অসমৰ জাতি–জনগোষ্ঠীক একতাৰ জৰিয়তে বান্ধি ৰাখি বৃহৎ অসমীয়া জাতিৰ সর্বাংগীণ উন্নতিত মুখ্য ভূমিকা ল’বলৈ আহ্বান জনায়৷ ১০.৩০ বজাত সুবর্ণা শইকীয়া বৰদলৈৰ পৌৰোহিত্যত সুশীল শর্মা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় নলিনী বালা দেৱী সোঁৱৰণী নাৰী সন্মিলন৷ অনুষ্ঠানটি উদ্বোধন কৰি লণ্ডন প্রবাসী মঞ্জিতা মহন্তই কয় যে নাৰী অবিহনে সমাজ অচল৷ সমাজৰ উন্নতিত নাৰী–পুৰুষ সকলোৱে একলগে আগবাঢ়িব লাগিব৷ অনুষ্ঠানত উপস্থিত থাকি অঞ্জলি মহন্তই অসমত জন্মগ্রহণ কৰা প্রতিগৰাকী মহিলাক ভাগ্যৱান বুলি উল্লেখ কৰে৷ অসমৰ বীৰাংগনাসকলৰ অৱদান অসমৰ মহিলাৰ বাবে এক আদর্শ বুলি তেওঁ কয়৷ তেওঁ ভাষণ প্রসংগত অসমৰ মহীয়সী নাৰী নলিনী বালা দেৱী, কনকলতা বৰুৱা প্রমুখ্যে কেইবাগৰাকীও নাৰীৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কেতিয়াও ধর্মান্তৰ নহয় বুলি উল্লেখ কৰি কিবা কাৰণত হ’লেও অসমীয়া ভাষা ক’ব নাপালে মৃত্যুৰ আশ্রয় ল’ব বুলি দোহাৰে৷ অনুষ্ঠানত মঞ্জিৰা চৌধুৰীয়ে অসম আৰু অসমীয়াৰ হকে কাম কৰাৰ বাবে নাৰীসকলক আহ্বান জনায়৷ স্থানীয় শিল্পীসকলে এটি মনোগ্রাহী সমৱেত সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ দুপৰীয়া ১২.৩০ বজাত জ্যোতিক্ষেত্রত অনুষ্ঠিত হয় যুৱ সংসদৰ বিশেষ অনুষ্ঠান৷ উক্ত অনুষ্ঠানত যুৱ প্রতিভাৰ সম্পদ হিচাপে বিবেচিত ক্রমে নীহাৰিকা কাশ্যপ, মীনাক্ষি শইকীয়া, নিপো মৈবাং মেল, নিপন গোস্বামী, অনুভৱ নাথ, লহৰজ্যোতি দাস, ড০ নীলোৎপল শর্মা, ড০ নমিতা বৈশ্য, ধ্রুৱজ্যোতি বর্মন আৰু ৰূপজ্যোতি চৌধুৰীক বিশেষ সম্বর্ধনা জনোৱা হয়৷ সম্বর্ধনা গ্রহণ কৰি প্রতিগৰাকীয়ে নিজৰ নিজৰ অনুভূতিসমূহ প্রকাশ কৰি নৱপ্রজন্মক নতুন চিন্তা–চর্চাৰে আগবঢ়াৰ আহ্বান জনায়৷ দিনৰ ২ বজাত ড০ ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠিত যুৱ সংসদৰ বিশেষ কাব্যানুষ্ঠান সঞ্চালনা কৰে মনজিৎ সিঙে৷ অনুষ্ঠানত যুৱ প্রতিভাৰ কবিসকলে কবিতা পাঠ কৰে৷ ইফালে আজি পুৱা শুৱালকুছি মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ অষ্টম পূর্ণাংগ কার্যনির্বাহক সভা ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ সভাত ‘কা’ৰ পূর্ণ বিৰোধিতা কৰাৰ লগতে ‘কা’ৰ বিৰোধিতাৰ বাবে সজাগ কৰিবলৈ সাহিত্য সভাই বিভিন্ন অঞ্চলত প্রচাৰ চলোৱাৰ সিদ্ধান্ত লয়৷ সভাত স্পষ্ট কৰি দিয়া হয় যে অসমীয়া ভাষা, কৃষ্টি–সংস্কৃতিৰ ক্ষেত্রত কোনো আপোচ কৰা নহ’ব৷ লগতে অসমৰ সকলো বেনাৰ–ছাইন বোর্ড আদি অসমীয়াত হ’ব লাগিব বুলি প্রস্তাৱ গ্রহণকে ধৰি আন কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰে৷ সন্ধিয়া শুৱালকুছি মহাবিদ্যালয়ত অনুষ্ঠিত প্রতিনিধি সভা উদ্বোধন কৰে প্রাক্তন উপাচার্য অলক বুঢ়াগোহাঁয়ে৷ ইফালে সুশীল শর্মা মঞ্চত গল্পকাৰ সন্মিলন আৰু ড০ ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠিত হয় নাট্যকাৰ সন্মিলন৷ ৬.৩০ বজাত অনুষ্ঠিত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে নৃত্যাচার্য যতীন গোস্বামীয়ে৷ অনুষ্ঠানত সংগীত পৰিৱেশন কৰি কল্পনা পাটোৱাৰীয়ে উপস্থিত ৰাইজক আকর্ষিত কৰে৷ লগতে উক্ত মঞ্চতে বিয়ানাম, হোলীনাম আদিও পৰিৱেশন কৰা হয়৷ ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত ‘কুঁহি’ অনুষ্ঠান সম্পন্ন।

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ আজি ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত অনুষ্ঠিত হয় শিশু সন্মিলন কুঁহি আৰু ধর্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা প্রদান অনুষ্ঠান৷ ড০ নির্মলপ্রভা বৰদলৈ সোঁৱৰণী এই অনুষ্ঠান উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক এলি আহমেদে কয়– সাহিত্য হৈছে ভাষা–সংস্কৃতিৰ বৰপথাৰ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে জীপাল কৰা এই পথাৰখন সম্প্রতি অপ–সংস্কৃতিৰ প্রভাৱত ঘুণে ধৰিবলৈ আৰম্ভ কৰিছে৷ আজানপীৰে তাহানিতে অসমীয়াত ৰচনা কৰা জিকিৰ–জাৰী গীতসমূহ আজিৰ অসমীয়াই গাবলৈ লাজ কৰাটো দুর্ভাগ্যজনক৷ কৰুণা ভট্টাচার্য আৰু নীলিমা কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশ লোৱা অনুষ্ঠানত ভাষণ প্রসংগত এলি আহমেদে পুনৰ কয়– অকণিসকল দেশৰ ভৱিষ্যৎ৷ জাতিৰ স্বার্থত শিশুসকলে অসমীয়া ভাষাৰ জ্ঞান ল’ব লাগে৷ অসমীয়া সমাজত প্রচলিত হৈ অহা অনেক শব্দ হেৰাই যাবলৈ ধৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– পিতৃ–মাতৃয়ে শিশুসকলৰ মুখত মাত ওলোৱাৰে পৰা আনৰ ভাষা ব্যৱহাৰ কৰিবলৈ আগ্রহী কৰাৰ অশুভ পৰম্পৰাৰ ফলত সাতামপুৰুষীয়া শব্দকেইটাও হেৰাই যাব৷ এই অনুষ্ঠানতে বৰপেটাৰ নিৰুপমা মিশ্রক সাহিত্য সভাৰ তৰফৰ পৰা শিশু সাহিত্য বঁটা প্রদান কৰা হয়৷ অনুষ্ঠানত শিশুসকলৰ মাজত নৃত্য, কবিতা আবৃত্তি, দলীয় নৃত্য আদি অনুষ্ঠিত কৰাৰ লগতে পূর্বে অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাৰ পুৰস্কাৰসমূহ প্রদান কৰা হয়৷ ইপিনে, অধিৱেশনস্থলীত আজি সন্ধিয়া আদৰণী সমিতিয়ে অধিৱেশনৰ সর্বদিশৰ সাফল্যমণ্ডিত কামনা কৰি এহেজাৰ বন্তি প্রজ্বলন কৰা দৃশ্যই অধিৱেশনস্থলীত এক নান্দনিক পৰিৱেশ সৃষ্টি কৰে৷
নবীন–প্রবীণ গল্পকাৰে নতুন বার্তা কঢ়িয়াই আনিব ঃ ড০ পৰমানন্দ ৰাজবংশী
কবি সুশীল শর্মা সাহিত্য মঞ্চত হলিৰাম ডেকা সোঁৱৰণী গল্পকাৰ সন্মিলন অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানটো উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে৷ অসম সাহিত্য সভাত পোনপ্রথমবাৰৰ বাবে আয়োজন কৰা এই সন্মিলন উদ্বোধন কৰি ৰাজবংশীয়ে কয় যে ৰাজ্যখনৰ নবীন–প্রবীণ গল্পকাৰে অসমীয়া সাহিত্যলৈ এটা ইতিবাচক বার্তা কঢ়িয়াই আনিব লাগিব৷ গল্পকাৰ পংকজ কুমাৰ দত্তই আঁত ধৰা গল্প সন্মিলনত লেখকৰ স্বনির্বাচিত গল্প (সাম্প্রতিক অসমীয়া গল্পৰ চানেকি) শীর্ষক গ্রন্থখনো উন্মোচন কৰা হয়৷ সুৰঞ্জনা শর্মা, মণিকা দেৱী, দিব্যজ্যোতি বৰা, ডালিম দাস, অর্চনা বৰঠাকুৰ, গীতালি বৰা, দীপামণি শইকীয়া আদি কেইবাগৰাকীও বিশিষ্ট গল্পকাৰে গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত অংশগ্রহণ কৰে৷ ইফালে, অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত চৌদিশে গ্রন্থৰ পয়োভৰ৷ ইতিমধ্যে অধিৱেশনস্থলীত প্রায় ৪০ গ্রন্থ উন্মোচন কৰা হৈছে৷ আজি সন্ধিয়া ৭ বজাত নতুন প্রজন্মৰ লেখক নলবাৰীৰ মুকালমুৱাৰ ৰঞ্জু হালৈৰ ‘মুনিৰ মৈথেলী’ নামৰ এখন গ্রন্থ উন্মোচন কৰে সাংবাদিক কিশোৰ গোস্বামীয়ে৷ অধিৱেশনস্থলীত অনুষ্ঠিত মিডিয়া চেলৰ কার্যালয়ত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাৰ আঁত ধৰে ‘নিউজ লাইভ’ৰ সাংবাদিক দীপক দাসে৷ অনুষ্ঠানত মিডিয়া চেলৰ কার্যকৰী সভাপতি দিলীপ মেধি, সহকাৰী সম্পাদক ৰত্ন কুমাৰ দাস, সদস্য মৃদুলপ্রীতম ডেকা প্রমুখ্যে কেইবাজনো সদস্য আৰু সাহিত্যপ্রেমী উপস্থিত থাকে৷ ইফালে, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত অনুষ্ঠিত হোৱা ৰামধেনু অনুষ্ঠানত ‘সদনৰ মতে অসমীয়া ভাষাৰ সংকটৰ বাবে অসমীয়াসকল জগৰীয়া’ শীর্ষক তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়৷

অসম সাহিত্য সভা
Comments (0)
Add Comment